Wednesday, 4 January 2012

বিষ্ণুপ্ৰসাদ ৰাভাদেবৰ এমুঠি জনপ্ৰিয় গীত


মচজিদ মীনাৰ ভেদি


মচজিদ মীনাৰ ভেদি


বয় ভকতিৰ নদী


পুৱা উষা ফজৰ আজান|


হিয়া মচজিদ ভৰি


প্ৰাণ জীউক সুঁৱৰি


তুলি সৰুকণ সুধাগান;


“হায়! মমতাজ-জান


হায়! মমতাজ-জান”


কান্দে বাদচাহ চাহজাহান


সেই কৰুণ বিননি শুনি


তোলে কঁপনি ধূলিৰ ধৰণী


হা-হুমুনিয়াহৰ অগনি


উগাৰি জাগে শিল-পাষাণ|


সাৱটি লয় চাহজাহান|


আকোঁৱালী লৈ সেই পাষাণ


কান্দি কোমল প্ৰেমিক প্ৰাণ


গায়,-‘মমতাজ মোৰ পৰাণ


মমতাজ মোৰেই জান|’


শুনি প্ৰেমিকৰ গান


সুকবিয়ে দিয়া অশ্ৰুৰ দান


গলি যায় কঠিন পাষাণ


পমি জাগে শিল পাষাণ


স্মৃতি ভৰা তাজমহল নিচান


অশ্ৰু সৰে কবিৰ মহান


প্ৰেমৰ উজ্জ্বল চাহজাহান জান||


———————————–  


বিলতে হালিছে ধুনীয়া পদুমী


বিলতে হালিছে ধুনীয়া পদুমী


ফুলনিত ফুলিছে ফুল|


সেই ফুলে ফুলে পখিলা উৰিছে


সানিছে ৰেণুৰে বোল|


গছৰে ডালতে গাইছে কুলিয়ে


কু-উ, কু-উ, কৈ|


দূৰ দূৰণিতে জুৰিটি নাচিছে


ঝিৰ ঝিৰ ঝিৰ কৈ


নিজান বননিতে কেতেকী চৰায়ে


সুহুৰি মাৰিছে ৰৈ||


———————————-


অ’ পূজাৰী আদৰি


অ’ পূজাৰী আদৰি


দিলো এই বৰণ শৰাই


পূজাৰী, দিলো এই বৰণ শৰাই|


বিয়পি ধৰণী


শুনো ৰিণি ৰিণি


জগতৰ নানা বিলাই


হৰি নাম ভকতি


হৰি নাম ৰকতি


হৰি নাম মুকুতি পাই


বশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ


সুন্দৰ শংকৰ কিয় নাই,


ভকতি ফুলেৰে


মালা আদৰেৰে


দিলো যতনে পিন্ধাই|


শংখ কাঁহ মুৰুলি


জোকাৰি উৰুলি


তোমাৰে মহিমা গাই


নামঘৰত চোতালে নিতাল খোলে তালে


গোবিন্দৰ নাম গুণ গাই||


————————————


জয় সাগৰৰ বুকুৰ মাজতে


জয় সাগৰৰ বুকুৰ মাজতে


উঠে চকুলোৰে ঢল


মলয়াই তোলে হিয়া ভগা সুৰ


কৰুণ বিননি ৰোল


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


তেজৰ টোপাল চকুলো ওলাল


নয়নৰ পাহি ফালি,


কলিজাৰ চাকি জ্বলিলে দীপালী


বুকুৰ অগনি জ্বলি


পাৰতে সাজিলে স্মৃতিৰে দেউল


প্ৰেমৰ সুৰভি ঢালি,


স্বামীকো তাৰিলে দেশকো ৰাখিলে


নিজকেই দিলে বলি||


জয় দেউলৰ শিৰত বোলালে


সোণৰ গঢ়িমা বোল,


আজিও কুলিয়ে কলচিত বহি


তোলে বিননিৰ ৰোল


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


সেই সাগৰৰ তেজৰ টুপিৰে


বোলোৱা ৰাঙলী চুলি,


জ্বলোৱা দীপালী তাপিত


ভিখাৰী


হৃদয়ৰ শলিতা জ্বালি||


জাগা অসমৰ গাভৰু


ছোৱালী


জাগা অসমীয়া দল,


আজিও জয়া হিয়াতেই


আছে


নুতুলিবা তেনে ৰোল,


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


————————


ব’ল ব’ল ব’ল ব’ল


ব’ল ব’ল ব’ল ব’ল


কৃষক শক্তি দল|


অ’ বনুৱা সমনীয়া


আগবাঢ়ি যাওঁ ব’ল


জাগ জাগ জাগ জাগ


মজদুৰ ন-জোৱান


নিৰ্যাতিত নিপীড়িত


কৃষক শক্তিমান|


তোৰ বাহুত আছে লুকাই


অসীম শক্তি ব’ল|


ৰণৰ শিঙা বাজে শুন ঐ


আগবাঢ়ি যাওঁ ব’ল|


কিহৰ নো ভয় আছে অভয়


বাণী দেৱতাৰ,


শতৰু সৌ চৌপাশে ৰয়


ধনী জমিদাৰ,


শোহে কলিজাৰ ৰঙা তেজ


প্ৰজা দুখীয়াৰ|


ধ্বংস কৰ ধ্বংস কৰ


ধনীৰ অহংকাৰ|


দয়া মায়া নকৰিবি


ক্ষমাৰ দিন যে গ’ল


হাল, কোৰ, দা, হাতুৰি লৈ


ৰণলৈ যাওঁ ব’ল|


তই খুৱাৱ বিশ্ববাসীক


মাটি ফালি ধান


তই যোগাৱ ধনী শ্ৰেণীক


অস্ত্ৰ শক্তিমান|


কাৰখানা-ক’ল তোৰেই সৃজন


পথাৰ সুবহল|


নাঙল, কাঁচি, হাতুৰী, দা’ৰ


যাদুকৰী ফল|


তোৰ বাহুত….. আগবাঢ়ি যা|


জগত গঢ়া শকতি যাৰ


সেই শকতিৰ দল


ৰঙা তেজৰ নিচানটি লৈ


আগবাঢ়ি যাওঁ ব’ল||


—————————


অ’ অসমীয়া ডেকা দল


অ’ অসমীয়া ডেকা দল


অ’ অসমীয়া ডেকা দল


আজি তোৰ তেজাল বদন


মলিন কিয় হ’ল?


দুৰ্গম নদ-পাহাৰ-গিৰি


লংঘিছিলি ডেকাগিৰি


সুন্দৰ শংকৰে লৰি


কৰিছিলি তল,


দেখুৱাইছিলি জগত জুৰি


অসীম বাহুৰ বল


সিও যে তোৰ


নাইকিয়া হ’ল!


কীৰ্ত্তন দশম নামঘোষা


হওক আমাৰ শৌৰ্য্য


নাট, গীত, নাম, বৰগীত-


হওক ৰণৰ তুৰ্য্য


আৰ্হি তেওৰ এই অসমৰ


হওক অসীম বীৰ্য্য


অসমীয়া! সমনীয়া!!


আগবাঢ়ি যাওঁ বল অ’||


আগবাঢ়ি যাওঁ বল||


—————————


বিশ্বৰে ছন্দে


বিশ্বৰে ছন্দে


ছন্দে মহানন্দে


আনন্দে নাচা


নাচা তমোহৰ দেউ


নাচা|


বন্দে


আজি সৱ


ভকত-বৃন্দে


তব চৰণ কমল


বন্দে|


জ্বলোৱা সাগ্নিক


তপো-হোম-বহ্নি


বিনাশক এন্ধাৰ


তব জয়ী অগ্নি


বিশ্বৰে দেউলত


জ্ঞানৰে বন্তি


উঠক নাচি


অজ্ঞান-এন্ধাৰ


বিনাশি


পুলকানন্দে|…..


নাচোনৰ তালে তালে পুষ্পিত বননি


ছেৱে ছেৱে হালে জালে বিকশিত


ফুলনি


আমোল-মোলে কৰে শুৱনি ধৰণী


পুষ্পিত সুবাসিত গন্ধে|


—————————-


সুৰৰে দেউলৰে


সুৰৰে দেউলৰে


ৰূপৰে শিকলি


ভাঙি দিলি খুলি


দুৱাৰ সোণোৱালী,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


জাউতি যুগীয়া


বৰগীত অমিয়া


বনগীত সুৰীয়া


গোৱা অসমীয়া


প্ৰাণ মন ভৰি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


তোৰে পৰশতে


প্ৰাণৰে হৰিষে


তিয়াগি সুপুতি


পায় ঐ মুকুতি


ৰাগৰে মূৰতি


উটি ভাহি ফুৰে উৰি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


থাপনা থাপিলি


প্ৰতিমা বহালি


পূজাও কৰিলি


সুৰৰে মূৰতি গঢ়ি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


শঙ্খ বজোৱা


বৰ-কাঁহ বজোৱা


আৰতি লগোৱা


বন্তি জ্বলোৱা


অতি উলাহেৰে


আদৰি


পূজাৰী অ’


সুন্দৰ পূজাৰী|


—————————


মোৰ কবিতাৰ ছন্দ লাগি


মোৰ কবিতাৰ ছন্দ লাগি


স্পন্দন তোৰ জাগেনে;


কথা মালিকাৰ গন্ধ লাগি


সোণৰ সপোন ভাগে নে?


নাচে তৰা ছন্দে ছন্দে


বিশ্ব ভৰা মহানন্দে


সেই উলাহত হৰষ লাগি


হিয়াত নাচোন উঠে নে?


ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ


বাজে মন বাঁহী মোৰ


সেই সুৰতেই শাঁত কৰি লই


পৰিবনে হিয়া জুৰ


ছেৱে ছেৱে ফুলে ফুল


গোন্ধত আমোল মোল


সেই ছেৱতে পুলক জগাই


এবাৰ হিয়াই নচে নে?


—————————


মোৰ জীৱনৰ আকাশতে


মোৰ জীৱনৰ আকাশতে


ইন্দ্ৰধনু গঢ়িম|


সাত ৰঙেৰে মীনা কৰাই


যতনেৰে তৰিম|


কিনকিনিয়া চকুৰ লোৰে


হুমুনিয়াহ ভাপ কণেৰে


প্ৰণয় সূৰুষ দেৱতাৰে


জিলিকনি সানিম|


মেদুৰ মেঘৰ মাদল কোবাই


গগন গগণা আলফুল বাই


বিজুলী নটীৰ নাচোনটি চাই


ডেওদি ডেওদি নাচিম|


—————————


পৰজনমৰ শুভ লগনত


পৰজনমৰ শুভ লগনত


যদিহে আমাৰ হয় দেখা


পূৰাবানে প্ৰিয়ে এই জনমৰ


মোৰ প্ৰিয়াৰ অপূৰ্ণ আশা?


এই জনমৰ কুসুম মালা


যতনে তুমি গাঁথি ৰাখিলা|


কাহানিও তুমি নিপিন্ধিলা


শূন্য মোৰ বুকু হ’ল যে উকা|


এই জীৱনৰ আঁউসী ৰাতি


চকুলো টুকি যায় যে কাটি


কাহানিও সুখৰ ৰূপহী জোনাই


হৃদয়ৰ জিলিকনি নিবিলায়|


এই জনমৰ গোপন কথা


গুপুতে ঢাকি দিয়ে যে ব্যথা


কাহানিও তুমি নেদেখিলা


শোকৰে ছবিটি হিয়াত অঁকা||


—————————


মেঘৰ বুকু ফালি আনিম


মেঘৰ বুকু ফালি আনিম


বিজুলী চাকি


খোপাতে গুজিবানে?


কুঁৱলি জাল কাটি আনিম


ৰূপোৱালী জোনাই


বিৰীত লগাবানে?


সাগৰ সিঁচি তুলি আনিম


বগা মাণিক মণি


বিলৰ পৰা ছিঙি আনিম


পদুমী শুৱনী;


সেই মাণিকৰ মালা গুঁথিম


সেই পদুমীৰ কেৰু গঢ়িম


কেৰু-মালা পিন্ধিবানে?


—————————


অ’ মোৰ নিচলা অসমী আইৰ দুখীয়া আদিম ভাই


অ’ মোৰ নিচলা অসমী আইৰ দুখীয়া আদিম ভাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


কপালৰ ঘাম ভৰিত পেলাই সাঁচিলোঁ যিটো ধন|


সবাকে শুহিলে ধনী চীনাজোকে ভাঙিলে তোমাৰ মন||


ভঁৰালৰ ধান এন্দুৰে কুটিলে আজি যে একোৱে নাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


এদিন তুমিয়ে গঢ়িছিলা এই ধুনীয়া অসম সোণৰ|


অসম তোমাৰেই আছিল অমিয়া সপোন মনৰ||


সেই অসমো যে আনে কাঢ়ি নিলে অসমী তোমাৰ নাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


নতুন আলোৰে উজলি উঠি বিলোৱা জ্যোতি নবীন|


পিছ পৰি আৰু নাথাকিবা হেৰা বজোৱা নতুন বীণ||


নতুন বাটেৰে যাবৈ লাগিব ব’লা যাওঁ আগুৱাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


—————————


লগন উকলি গ’ল


লগন উকলি গ’ল


তেও যে নহ’ল কোৱা,


মনৰ কথাটি মোৰ


হিয়াত গুপুতে থোৱা|


কিমান হেঙুলী ঊষা


কিমান জোনাকি নিশা


মিছাতেই গ’ল মোৰ


কিমান গধূলি পুৱা|


মলয়াই কাণে কাণে


মনৰ বাতৰি আনে


নিখিলৰ সুৰে সুৰে


হিয়ায়ো গান জোৰে|


শুনিছানে সেই সুৰ


পৰাণত তোলা মোৰ


হৃদয়ৰ গোৱা গান-


“ভালপোৱা ভালপোৱা”||


—————————


নাহৰ ফুলে নুশুৱায়


নাহৰ ফুলে নুশুৱায়


তগৰ ফুলে শুৱাব|


তগৰ ফুলে নুশুৱায়


কপৌ ফুলে শুৱাব|


কপৌ ফুলে নুশুৱায়


(যদি) ঘিলা খোপতে তোৰ,


হিয়া ফুল পাৰি দিম


(গুজি) খোপাতে মনোহৰ|


মহাসাগৰ সিঁচি আনিম


সাত-মাণিকৰ ধন


মেঘৰ বুকু ফালি ছিঙিম


বিজুলী ফুল শুৱন;


মাণিক ফুলে নুশুৱায়


(যদি) সাত-সৰীতে তোৰ


(হিয়া) ফালি উলিয়াই পিন্ধাম


তেজাল পোৱাল-মণি মোৰ||



ভূপেন হাজৰিকাৰ গীত

১.


বুকু হম হম কৰে, মোৰ আই


কোনে নিদ্রা হৰে, মোৰ আই


পুত্র হৈ মই কিমতে তৰোঁ


আই , তোৰে হৈ মই মৰোঁ।


দেশৰে চন্দ্রমা


কাল আন্ধাৰে আবৰে


অগনি কালিকা দেহৰ ৰন্ধ্রে ৰন্ধ্রে চৰে


বজ্রসম দৃঢ়, আই


চৌপাশৰে গড়


চৌপাশৰে গড় ভেদিম


কিঞ্চিতো নাই পৰ।


যাচিম সান্ত্বনা, আই


মুক্তি প্রভাতেৰে


থাপিম থাপনা, আই


শোণিত তিয়াগেৰে।


[কলিকতা,১৯৬৩]


২.


বিস্তীর্ণ পাৰৰে


অসংখ্য জনৰে


হাহাকাৰ শুনিও


নিঃশব্দে নীৰৱে


বুঢ়া লুইত তুমি


বুঢ়া লুইত বোৱা কিয়?


নৈতিকতাৰ স্খলন দেখিও


মানৱতাৰ পতন দেখিও


নির্লজ্জ অলসভাৱে বোৱা কিয়?


জ্ঞানবিহীন নিৰক্ষৰৰ


খাদ্যবিহীন নাগৰিকৰ


নেতৃবিহীনতাত নিমাত কিয়?


সহস্র বাৰিষাৰ


উন্মাদনাৰ


অভিজ্ঞতাৰে


পঙ্গু মানৱক


সবল সংগ্রামী


আৰু অগ্রগামী


কৰি নোতোলা কিয়?


ব্যক্তি যদি ব্যক্তিকেন্দ্রিক


সমষ্টি যদি ব্যক্তিত্বৰহিত


তেনে শিথিল সমাজক নাভাঙা কিয়?


তুমিয়ে যদি ব্রহ্মাৰে পুত্র


সেই পিতৃত্ব তেনে নামমাত্র


ন’হলে প্রেৰণা নিদিয়া কিয়?


উন্মত্ত ধাৰাৰে


কুৰুক্ষেত্রৰে


শৰশয্যাকে


আলিঙ্গন কৰা


ভীষ্মৰূপী


অজস্র বীৰক


জোগাই নোতোলা কিয়?


[কলিকতা,১৯৬৫]


৩.


মই এটি যাযাবৰ


ধৰাৰে দিহিঙে-দিপাঙে লৱৰোঁ


নিবিচাৰি নিজা ঘৰ।


মই লুইতৰপৰা মিছিছিপি হৈ ভল্গাৰ ৰৃপ চালোঁ,


অটোৱাৰপৰা অষ্টিয়া হৈ পেৰিচ সাবটি ল’লো,


মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগোলে’ কঢ়িয়ালোঁ,


গালিবৰ শ্বেৰ দুশম্বেৰ মীনাৰত শুনা পালোঁ,


মার্ক টোৱেনৰ সমাধিত বহি গর্কীৰ কথা ক’লোঁ,


বাৰে-বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ


সেয়ে মই যাযাবৰ।


বহু যাযাবৰ লক্ষ্যবিহীন


মোৰ পিছে আছে পণ


ৰঙৰ খনি য’তেই দেখিছোঁ


ভগাই দিয়াৰ মন।


মই দেখিছোঁ অনেক গগনচুম্বী অট্রালিকাৰ শাৰী


তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী


মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিচাৰে আছে ভৰি


আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি


বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হওঁ বৰ


মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ


সেয়ে মই যাযাবৰ।


৪.



অস্ত আকাশৰে সপোন ৰহন সানি


ক্লান্ত লুইতৰে হেঙুলীয়া পানী


বৈয়ে যায় বৈয়ে যায় বৈয়ে যায়


কোন সুন্দৰৰ শিল্পীয়ে


পদুম ফুলৰ নাৱেৰে


ময়ুৰপংখী ৰহনবোৰ


দিয়ে ছটিয়াই


দুয়োপাৰে ক’ত মানুহ


ক’ত যে ইতিহাস


ক’ত যুগৰ, শত আশাৰ


নিৰাশাৰে নিশ্বাস


লক্ষ্য যদি দিগন্ত


শিল্পীহে তোমাৰ


পদুমৰ পানচৈ চপোৱা এবাৰ


দেখিবা জীৱনৰে


দিগন্ত অপাৰ


বেলি যে যায়, বেলি যে যায়, বেলি যে যায়।।



গীতা- পাঠ

|| গীতা পাঠ ||


ক) অৰ্জুন বিষাদ যোগ (প্ৰথম অধ্যায়)


 


ধৃতৰাষ্ট্ৰই (তেওঁ চকুৰে দেখা নাপায়, সেয়েহে) সুধিলে: হে সঞ্জয়, ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰ কুৰুক্ষেত্ৰত গোট খাই যুদ্ধ কৰিবলৈ উত্ৰাৱল হৈ থকা মোৰ আৰু পাণ্ডুৰ পুত্ৰগণে কি কৰিলে ? (পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ ককাই- ভাই) |


 


সঞ্জয়ে উত্তৰ দিলে: হে (মহাৰাজ) ধৃতৰাষ্ট্ৰ, পাণ্ডৱৰ সেনাক শাৰী পাতি থিয় দি থকা দেখি উত্তেজিত হৈ দুৰ্যোধন (এওঁ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰাজকুমাৰ) দ্ৰোণাচাৰ্য্যৰ কাষলৈ গ’ল আৰু এই খিনি কথা ক’লে


 


হে পূজনীয় গুৰুদেৱ (দ্ৰোণাচাৰ্য্য পাণ্ডৱ-কৌৰৱ উভয়ৰে শিক্ষাগুৰু আছিল), এবাৰ দৃষ্টি নিক্ষেপ কৰকছোন বিশাল পাণ্ডব সেনানীৰ ফালে- আপোনাৰ প্ৰিয় শিষ্য ধৃষ্টদ্যুম্নৰ (ৰজা দ্ৰুপদৰ পুত্ৰ) ব্যুহৰ আকাৰে পৰিবেষ্টিত হৈ আছে |


 


পাণ্ডৱৰ সেনানীত ভীম –অৰ্জুনৰ দৰে মহান ধনুৰ্বিদ আৰু যোদ্ধা আছে; বিৰাট, সাত্যকি আৰু দ্ৰুপদৰ দৰে পটু ৰথচালকো আছে |


 


ধৃষ্টকেতু, চেকিতন- কাশীৰ শক্তিশালী মহাৰাজ, পুৰুজিত্‍, কুন্তীভোজ আৰু শৈব্য – উত্তমোত্তম যোদ্ধা তেওঁলোকৰ ফালেই আছে |


 


অত্যন্ত শক্তিশালী য়ুধামন্যু, বীৰ উত্তমৌজ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল আছে – এওঁলোক প্ৰতিজনেই হৈছে মহান ৰথচালক, যোদ্ধা আৰু বৃহত্‍ সেনানীৰ অধিনায়ক|


 


হে ব্ৰাহ্মণৰ ভিতৰতে শ্ৰেষ্ঠ (দ্ৰোণাচাৰ্য্য), আমাৰ সেনানীৰ প্ৰধান সেনাপতি আৰু যোদ্ধাসকলৰ নাম আপোনাৰ জ্ঞাতাৰ্থে এতিয়া ম‍ই কৈ যাম |


 


স্বয়ং আপুনি, ভীষ্ম, কৰ্ণ, কৃপা, অশ্বত্থামা, বিকৰ্ণ, সৌমদত্তিৰ পুত্ৰ (ভূৰিশ্ৰৱা) সদায়েই সমৰ-ক্ষেত্ৰত বিজয়ী হৈ আহিছে |


মোৰ সেনানীত আৰু অনেক বীৰ আছে যি নিজৰ জীৱন মোৰ বাবে জলাঞ্জলি দিবলৈও সাজু হৈ আছে, যি বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ চালনাত পাৰ্গত আৰু সমৰ কলাত পটু |


আমাৰ সেনানীৰ শক্তি কিছুমাত্ৰাত ক্ষীণ হৈ পৰিছে, কাৰণ ভীষ্মৰ পৰিচালনাত আছে তেওঁলোক- অন্য হাতে ভীষ্ম হ’ল পাণ্ডৱ আৰু কুৰু দুয়োৰে শুভচিন্তক | পাণ্ডৱৰ সেনা ভীমৰ তলত নি:সন্দেহে পৰিপূৰ্ণ হৈ আছে |


 


এতিয়া আপোনাসৱে নিজৰ নিজৰ নিৰ্দিষ্ট স্থানত থিয় হৈ পিতামহ ভীষ্মক সুৰক্ষা দিব লাগিব |


 


পিতামহ ভীষ্ম‍ই, যি কুৰু বংশৰ মহান আৰু বিখ্যাত ব্যক্তি আৰু সেনানীৰ বেছিভাগৰে ককা (তেওঁ কেতিয়াও বিয়া নকৰালেও তেখেতৰ নাতি পুতিৰ সংখ্যা অগণন)- তেওঁৰ শংখটো উলিয়াই এনেকুৱা নিনাদ কৰিলে, শুনিবলৈ সিংহৰ গোজৰণি যেন হে লাগিল |


 


শংখধ্বনিৰ লগে লগে অন্যান্য শংখ, দবা, পেঁপা আদিও বাজি উঠিল আৰু চাৰিওদিশ ইয়াৰ শব্দৰে মুখৰিত হৈ উঠিল |


 


তাৰ পিছত শ্ৰীকৃষ্ণ আৰু অৰ্জুনে এখন শুভ্ৰ ঘোঁৰাই টনা বিশাল সুন্দৰ ৰথত থিয় হৈ নিজৰ নিজৰ শংখত ফুঁক দিলে |


 


ভগবান শ্ৰীকৃষ্ণ‍ই পাঞ্চজন্য নামৰ শংখটো বজালে, অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভীমে পৌণ্ড্ৰ নামৰ শংখটোত ফুঁক দিলে |


 


কুন্তীপুত্ৰ যুধিষ্ঠিৰে অনন্তবিজয় নামৰ শংখ আৰু নকুল, সহদেৱে যথাক্ৰমে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ কেইটা বজালে |


. কাশীৰ নৃপতি মহা ধনুৰ্দ্ধৰ, মহান যোদ্ধা শিখণ্ডী, ধৃষ্টদ্যুম্ন আৰু বিৰাট, অপৰাজেয় সাত্যকি, দ্ৰুপদ ৰজা, দ্ৰৌপদীৰ পাঁচ পুত্ৰ, সুভদ্ৰাৰ পুতেক অভিমন্যু – সকলোৱে নিজৰ নিজৰ শংখ উলিয়াই ফুঁক দিলে |


. ক্ৰমাত্‍ শংখৰ শব্দ বাঢ়ি বাঢ়ি ভয়ংকৰ হৈ উঠিল | আকাশ আৰু পৃথিৱী কঁপাই তোলা শংখ-নিনাদে ধৃতৰাষ্ট্ৰৰ পুত্ৰগণৰো বুকু কঁপাই তুলিলে |


. হে মহাৰাজ, ইয়াৰ পিছ্ত পাণ্ডু পুত্ৰ অৰ্জুনে, যি হনুমানৰ পতাকা-খচিত ৰথত বিৰাজ কৰি আছিল, তেওঁ নিজৰ তীৰ-ধনু উলিয়াই ধৃতৰাষ্ট্ৰৰ পুত্ৰগণৰ ফালে দৃষ্টি নিক্ষেপ কৰি শ্ৰীকৃষ্ণক এই কথা কেইষাৰ ক’লে |


. হে অজেয় পুৰুষ, অনুগ্ৰহ কৰি ৰথখন দুয়ো পক্ষৰ মাজলৈ নি তাত অৱস্থিত কৰক | কোন কোন যুদ্ধত উপস্থিত হৈছেহি আৰু ম‍ই কাৰ কাৰ সতে যুঁজ দিব লাগিব, এবাৰ নিৰীক্ষণ কৰি লওঁ |


মোক এবাৰ চাবলৈ সুবিধা দিয়ক- কপট মনৰ গৰাকী দুৰ্যোধনৰ হৈ কোনে কোনে নিজৰ সেনানী লৈ যুঁজ দিবলৈ আহিছে |


.সঞ্জয়ে ক’লে- হে ভাৰত (ভৰতৰ পুত্ৰ), অৰ্জুনৰ আগ্ৰহত হৃষীকেশে ৰথখন দুয়ো পক্ষৰ মাজত নি থিয় কৰাই দিলে |


ৰথখন ভীষ্ম, দ্ৰোণাচাৰ্য্য আৰু অন্যান্য বীৰসকলৰ আগত থিয় কৰাই দিয়াৰ পিছত শ্ৰীকৃষ্ণ‍ই অৰ্জুনক উদ্দ্যেশি ক’লে- হে পাৰ্থ, ইয়াত সমবেত হোৱা কুৰুসকলক নিৰীক্ষণ কৰি লোৱা |


. অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দুয়ো পক্ষৰ সেনানীৰ মাজত থিয় হৈ অৰ্জুনে দেখা পালে তেওঁতকৈ বয়োজ্যেষ্ঠসকল, ককাক, পিতামহ, মামা, ভায়েকহঁত, পুত্ৰ, নাতি, বন্ধু, শহুৰ, শুভাকাংক্ষী- সকলো আহি তাত উপস্থিত হৈছেহি |


কুন্তীপুত্ৰ অৰ্জুনে নিজৰ আত্মীয় আৰু সম্বন্ধীয়গণক এনেদৰে দেখা পাই অভিভূত হৈ পৰিল আৰু অত্যন্ত দুখেৰে এই কথা কেইষাৰ ক’লে |


.অৰ্জুন উবাচ: হে শ্ৰীকৃষ্ণ, মোৰ বন্ধুবৰ্গ আৰু সম্বন্ধীয় সকলক দেখা পাই, যি সকল যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ আহিছে; মোৰ হাত-ভৰি কঁপিব ধৰিছে |


. মোৰ সৰ্ব শৰীৰ থৰথৰকৈ কঁপিছে, মূৰৰ চুলিবোৰ থিয় হৈ গৈছে, আৰু হাতৰ পৰা গাণ্ডীৱো খহি পৰিছে | ছালবোৰ উত্তেজনাত উত্তপ্ত হৈ পৰিছে |


ম‍ই এতিয়া সুস্থিৰ হৈ থাকিব নোৱাৰা হৈছোঁ, মূৰটো আচন্দ্ৰাই কৰিছে | ম‍ই দেখা পাব ধৰিছোঁ কেৱল দুৰ্ভাগ্যৰ আগজাননী |


 


আপোন মানুহক বধ কৰি কি সুফল লাভ কৰা যাব ম‍ই একো বুজি পোৱা নাই | হে সখা শ্ৰীকৃষ্ণ, এনে বিজয় বা ৰাজপাট লাভ কৰি কোনো সুখ পোৱা নাযাব |


 


হে গোবিন্দ, এনে ৰাজ্যৰ আমাৰ কি প্ৰয়োজন, এনে সুখৰ কি মূল্য আছে, এনে জীৱনৰ অৰ্থ‍ই বা কি? যাৰ বাবে আমি ৰাজপাট লাভ কৰিব খোজোঁ, সুখ-সমৃদ্ধিৰ প্ৰতি আগ্ৰহান্বিত হওঁ, সেইসকল পূজনীয় শিক্ষাগুৰু, পিতৃ, পুত্ৰগণ, পিতামহ, মামাশ্ৰী, শহুৰগণ, নাতিসকল, ভনী-জোঁৱাই আৰু অন্যান্য সম্বন্ধীয়সকল যুদ্ধক্ষেত্ৰত নিজৰ প্ৰাণ আৰু ৰাজ্য হাতৰ তলুৱাত লৈ উপস্থিত হৈছেহি | হে শ্ৰীকৃষ্ণ, তেওঁলোকে মোক বধ কৰিব খুজিলেও ম‍ই কিয় তেওঁলোকক হত্যা কৰিবলৈ ইচ্ছা কৰিম? তিনি ভুবনৰ ৰাজপাট পালেও ম‍ই এওঁলোকক হত্যা কৰিব নোৱাৰিম- পৃথিৱীৰ কথা বাদেই | হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰগণক মষিমূৰ কৰি আমি কি তৃপ্তি পাম?____________________

মহাপুৰুষ মাধৱদেৱৰ- “নাম-ঘোষা”

অসমীয়া সাহিত্যৰ এক মহান সৃষ্টি বঢ়াৰ পো মাধৱদেৱৰ “নাম-ঘোষা” বা “হেজাৰী-ঘোষা” ৷  এই মহান সৃষ্টিক ইউনিক’ড কৰণ কৰি ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ববাসীক  উপলব্ধ কৰাৰ উদ্দেশ্যেৰে এই সামান্য প্ৰচেষ্টা ৷ গতানুগতিক  দৈনন্দিন  গুৰু সেৱাৰ সলনি একুট দুকুট কৈ নামঘোষা খন অসমীয়া ইউনিক’ডত লিখি আপোনালোকেও সহায়ৰ হাত আগবঢ়াব খুজিলে আগবঢ়াব পাৰে ৷  কৃষ্ণ !


—————————————————–


***************


শ্ৰী শ্ৰী হৰি শৰণম্


***************


নাম-ঘোষা


===========


হে মুক্তাৱপি নিস্পৃহাঃ প্ৰতিপদপ্ৰোন্মীলদানন্দং ৷


যামাস্থায় সমস্তমস্তকমণিং কুৰ্ব্বন্তি যং সেৱসে ৷৷


তান ভক্তানপিতাঞ্চ ভক্তিমপি তং ভক্তপ্ৰিয়ং শ্ৰী হৰিং ৷


ৱন্দে সন্তৎমৰ্থেয় হনুদিৱসং নিত্যংশৰণ্যং ভজেম্ ৷৷



ভজন


============



ছবি


—–


মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো


ৰসময় মাগোহো ভকতি ৷


সমস্ত মস্তক-মণি নিজ ভকতৰ বশ্য


ভজোহেন দেব যদুপতি ৷৷ ১



যাৰ ৰাম-কৃষ্ণ নাম  নাৱে ভৱ-সিন্ধু তৰি


পাৱে পৰম্পদ পাপী যত ৷


সদানন্দ সনাতন  হেনয়  কৃষ্ণক সদা


উপাসা কৰো ঁহো হৃদয়ত ৷৷ ২



নমস্কাৰ


———-


মৎস্য কুৰ্ম্ম নৰসিংহ  বামন পৰশুৰাম


হলীৰাম বৰাহ শ্ৰীৰাম ৷


বুদ্ধ কল্কি নামে দশ  আকৃতি ধৰিছা কৃষ্ণ


তযু পাৱে কৰোহো প্ৰণাম ৷৷ ৩



উপদেশ


———-


একান্ত ভকত সৱে  নিৰ্গুণ কৃষ্ণৰ গুণ


গাৱে সদা বসিয়া যথাত ৷


বৈকুণ্ঠকো পৰিহৰি  যোগীৰো হৃদয় এৰি


থাকা হৰি সাক্ষাতে তথাত ৷৷ ৪



অব্যক্ত ইশ্বৰ হৰি  কিমতে পূজিবা তাংক


ব্যাপকত কিবা বিসৰ্জন ৷


এতাৱন্ত মূৰ্তিশূন্য  কেনমতে চিন্তিবাহা


ৰাম বুলি শুদ্ধ কৰা মন ৷৷ ৫



যিটো জনে শুদ্ধ ভাৱে  হৰিত শৰণ লৈয়া


হৰিক সুহৃদ বুলি আছে ৷


হৰিৰ প্ৰসাদে সিটৌ  বিঘ্নিৰ মুণ্ডত ভৰি


দিয়া হৰি-গুণ গায়া নাচে ৷৷৬



কৰ্মত বিশ্বাস  যাৰ হিয়াত থাকন্তো হৰি


আতিশয় দূৰ হোন্ত তাৰ,


দূৰটো বিধুৰ হোন্ত তাৰ ৷


অহঙ্কাৰ থাকয়েন্তো  সাক্ষাতে কৃষ্ণক পাৱে


শ্ৰৱন কীৰ্তন ধৰ্ম যাৰ ৷৷ ৭



সকল নিগম লতা  তাৰ অবিনাশী ফল


কৃষ্ণ-নাম চৈতন্য স্বৰূপ ৷


সুমধুৰ সুমঙ্গল  শ্ৰদ্ধায়ে হেলায় লৈয়া


নৰমাত্ৰ তৰে ভৱকূপ ৷৷ ৮



যিটোজনে কৃষ্ণকথা  বিচাৰে সময়ে মনে


ধৈৰ্য্য ধৰি ক্ষণেক থাকয় ৷


যত তীৰ্থ স্নান দান  দেৱ পিতৃ যজ্ঞ যাগ


যোগাদিৰো ফলক পাৱয় ৷৷ ৯



যাৰ পুত্ৰ সৱে ঐত  হৰিত শৰণ লৈয়া


হৰি-গুণ গাৱে শুদ্ধভাৱে৷


দধি দু্গ্ধ ঘৃত মধু  নদীৰ জলক পিয়া


পিতৃগণে তৃপিতিক পাৱে ৷৷ ১০



সেহিসে সকল শাস্ত্ৰ  পঢ়িলে শুনিলে সি সি


অনুষ্ঠান সকলে কৰিল ৷


নিৰাশা ইশ্বৰ কৃষ্ণ  তাহাংক সমুখ ভৈল


আশাক যিজনে পিঠি দিল ৷৷ ১১



অপৱিত্ৰ যিটো আতি  পৱিত্ৰ হোৱেবা যদি


সমস্ত অৱস্থা আছে পায়া৷


কমললোচন যিটো  সুমৰে তাৰেসে শুদ্ধ


বাহিৰে-ভিতৰে হোৱে কায়া ৷৷ ১২



সেহিসে চতুৰ যিটো  পুণ্যৰ নিদান-ভূত


নাৰায়ণ-নামক সুমৰে৷


অচতুৰ সিটোআতি  পাপৰ নিদান-ভূত


নামে অৰ্থবাদ যিটো কৰে ৷৷ ১৩



মহেশে বোলন্ত মোৰ  ৰকাৰাদি নাম শুনি


পৰম প্ৰশন্ন হোৱে মন ৷


শুনিয়ো পাৰ্ব্বতী মই  মনত শঙ্কায়ে ৰঙ্গে


ৰাম বুলিলেক ইটো জন ৷৷ ১৪



কৰ্ণপথে ভকতৰ  হিয়াত প্ৰৱেশি হৰি


দুৰ্ব্বাসনা হৰে সমস্তয়৷


জলৰ যতেক মল  যেহেন শৰত কালে


স্বভাৱত নিৰ্ম্মল কৰয় ৷৷ ১৫



হুয়া দেৱ দিগম্বৰ  ভস্মে বিভুষিত অংগ


শিৰত ধৰিয়া জটা-ভাৰ৷


মহেশো সেৱন্ত যাক  হেন হৰি বিনে আন


কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ৷৷ ১৬



ব্ৰহ্মা আদি দেৱগণে  নিশ্চল সম্পত্তি মনে


লক্ষ্মীক সেৱন্ত তপ কৰি৷


লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু


আন কোন দেৱ তাংক সৰি ৷৷ ১৭



সমস্ত বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ


ইহাৰ অমৃত ৰস পাই৷


পৰম সন্তোষে পান  কৰিল যিজনে তাৰ


অন্যত্ৰ ৰসত ৰতি নাই ৷৷ ১৮



মহাভাগৱত ৰস  মাধৱৰ নাম-যশ


আক পান কৰিল যিজন৷


কৃষ্ণৰ চৰণে চিত্ত  দিয়া মোক্ষ আদি ৰস


ৰতি আন নকৰয় মনে ৷৷ ১৯



কৃষ্ণ নামক সদা  কীৰ্ত্তন কৰয়  যিটো


মনে দৃঢ় কৰিয়া নিশ্চয়৷


নিস্কাম হোক বা যদি  সকাম হোৱয় তাক


কদাচিতো কলি নবাধয় ৷৷২০



চণ্ডাল পযৰ্্যন্ত কৰি  জগতৰ উপকাৰী


নাহি নাম-গুণ বিনে আন৷


সেহিসে কাৰণে হৰি  নিজ যশ প্ৰিয় ভৈল


ভগৱন্ত ভকতৰ প্ৰাণ ৷৷ ২১



যিহেতু চৈতন্য-পূৰ্ণ  পৰামাত্মা ৰূপে হৰি


হৃদয়ত আছন্ত প্ৰকাশি ৷


তাতেসে  ইন্দ্ৰিয়গণ  ভূত প্ৰাণ বুদ্ধি মন


প্ৰৱৰ্ত্তে যতেক জল ৰাশি ৷৷ ২২



ৰাম-কৃষ্ণ হৰি নাম  সৰ্ব্ব-ধৰ্ম্ম – অনুপাম


সকল নিৰ্গমে-তত্ব সাৰ,


যাত পৰে ধৰ্ম নাহি আৰ৷


হেন নাম নুসুমৰি  কমন ভাৰষা কৰি


ৰৈয়া আছা ভৱ তৰিবাৰ ৷৷২৩



বিষ্ণু-পাদোদক গংগা মহেশে সহিতে ইটো


জগতকে পৱিত্ৰ কৰয়৷


হেন কৃষ্ণ বিনে কোন  ভগৱন্ত হেন ইটো


শবদৰ স্বৰূপ আছয় ৷৷ ২৪



পুন্য অৰণ্যৰ মাজে  মাধৱৰ নাম সিংহ


প্ৰকাশ কৰয় অতি বড়ে৷


যাৰ ধ্বনি শুনি ভয়ে  মহাপাপ-হস্তীচয়


পলায় আতি ত্ৰাসত লৱড়ে ৷৷২৫



আপুনি আপোন বন্ধু,  আপুনি আপোন শত্ৰু


আপুনি আপোন ৰাখে মাৰে ৷


হৰি নভজি নৰে আপুনি হোৱয় নষ্ট


হৰি ভজি আপোনাক তাৰে ৷৷ ২৬



দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য


বিষয়ৰ আশা পৰিহৰা৷


সন্তৰ সংগত বসি সুখে হৰি-গুণ গায়া


সন্তোষে অমৃত পান কৰা ৷৷ ২৭



হৰি-নাম কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ


নিয়ম সংযম একো বিধি৷


হৰিত শৰণ লৈয়া         কেৱল হৰিৰ নাম


কীৰ্ত্তন কৰন্ত হোৱে সিদ্ধি৷৷ ২৮


——————————


শংকা 



বিষয়-সমন্ধ -সুখ  সমস্ত যোনিতে পায়


হৰি-সেৱা একো স্থানে নাই৷


হৰিৰ সেৱাৰ যোগ্য  কেৱল মনুষ্য-তনু


জানি ফুৰা হৰি -গুণ গাই৷৷২৯



মৃত্যুৰ মুখত পৰি  আছে যিটো সিটো নৰে


হৰি-গুণ-কীৰ্ত্তন নকৰে৷


মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন


হৰি-নাম-কীৰ্ত্তনত পৰে ৷৷৩০



মৃত্যু তৰিবাৰ আন  আছয় উপায় যত


বিঘিনি – দূষিত নিৰন্তৰে৷


বিঘিনি-ৰহিত যত  মাধৱৰ গুণ-কৰ্ম


কীৰ্ত্তন কৰিয়া সুখে তৰে ৷৷ ৩১



লুব্ধমতি মনুষ্যৰ  হৰি-কীৰ্ত্তনত পৰে


নাহিকে ৰহস্য বিত্ত আৰ ৷


আন আশা পৰিহৰি  মাধৱকে মনে ধৰি


হৰিৰৰ কীৰ্ত্তন কৰা সাৰ ৷৷ ৩২



শুনা পৰমাৰ্থ-তত্ব  শ্ৰীমন্ত-শঙ্কৰ মত


ধৰিয়োক সজ্জন সকল ৷


হৰিৰ কীৰ্ত্তন কৰি  সুখে সংসাৰক তৰি


পাইবা ভক্তি পৰম নিৰ্মল ৷৷ ৩৩



শুনা সভাসদচয়  নেৰিবা শাস্ত্ৰৰ নয়


হৰি গুণ ভাগৱত সাৰ ৷


সাধু-সংগ অনুসৰা  শ্ৰৱন কীৰ্ত্তন কৰা


পৰিহৰ পাষণ্ড-আচাৰ ৷৷ ৩৪



ৈবৰাগ্যত পৰে ভাগ্য  নাহি প্ৰবোধত পৰে


সুখ আৰ নাহি পুৰুষৰ ৷


হৰি বিনে পৰিত্ৰাণ  কৰ্ত্তা আৰ নাহি জানা


ৰিপু নাহি সংসাৰত পৰ ৷৷৩৫



লক্ষ্মীপতি ভগৱন্ত     যাহাৰ প্ৰসন্ন ভৈল


তাহাৰ দুৰ্লভ কিছু নাই৷


নাৰায়ণ-পৰ ভৈলে  তথাপি কিঞ্চিতো আন


নবঞ্ছায় সেৱা সুখে পাই ৷৷ ৩৬



কৃষ্ণৰ হৃদয় চাৰু  লক্ষ্মীৰ নিবাস স্থান


মুখ নয়নৰ পান-পাত্ৰ ৷


দিক্ পাল সমস্তৰ  আশ্ৰয় কৃষ্ণৰ বাহু


ভকতৰ পাদ-পদ্ম মাত্ৰ ৷৷ ৩৭



পৰম  ঈশ্বৰ দেৱ  কৃষ্ণক নপাৱে লাগ


তপ জপ যাগ যোগ দানে ৷


একান্ত ভক্তৰ পদ- ৰেণু শুদ্ধ চিত্তে নাথে


অভিষেক নকৰয় মনে ৷৷ ৩৮



গ্ৰাম্য-কথা বিনাশন  উত্তম শ্লোকৰ গুণ


প্ৰসৱয় সাধুৰ সঙ্গত ৷


তাক অনুদিন যিটো  সেৱে তাৰ সতী মতী


হোৱে বাসুদেৱ চৰণত ৷৷ ৩৯



সেহিসে দিনক ভাই  দুৰ্দ্দিন বুলিয়া মানি


মেঘাচ্ছন্নে নোহয় দুৰ্দ্দিন ৷


হৰি-কথা-অমৃতৰ  সম্যক আলাপ ৰসে


যিটো দিন হোৱয় বিহীন ৷৷ ৪০



আত্মা-ঈশ্বৰক লাগ  প্ৰত্যক্ষে সততে পায়


নপায় জানা তাঙ্ক অবিদ্যাত ৷


অবিদ্যা নাশিলে লাগ  কৃষ্ণক পাৱয় যেন


কণ্ঠ-লগ্ন বস্তু সাক্ষাত ৷৷ ৪১



নিন্দা


====



ৰামায়ন হেন ইটো  শবদ আছয়ে মুখে


বশবৰ্তী বচন আছয় ৷


তথাপি অদ্ভুত কিনো  ঘোৰ নৰকত মজি


মলি-মতি মনুষ্য মৰয় ৷৷ ৪২



তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী  তাহান নিপুন পতি


তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় ৷


সংসাৰ বনত পশি  পতি পুত্ৰ সমন্বিতে


উপনষিৎ  ধেনু ধৰি খায় ৷৷ ৪৩



সৰ্ব-শ্ৰুতি শিৰোৰত্ন  ভাগৱত-বন-মাজে


হৰি-নাম-সিংহ প্ৰকাশয় ৷


তাৰ মহাধ্বনি শুনি  নিজ পৰিবাৰ সমে


তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ৷৷ ৪৪



স্মৰহ গোৱিন্দ মূঢ়  বোলহু গোৱিন্দ মূঢ়


ভজহু গোৱিন্দ সৰ্ব্বক্ষণে ৷


মৰণ সময় পাইলে  গোৱিন্দেসে ৰাখিবন্ত


নাৰাখিবে ‘ ডুকৃঞ কৰণে’৷৷ ৪৫



ঈশ্বৰ কৃষ্ণ যিটো  অন্য দেৱতাৰ সম


বোলয় অধম মূঢ়-মতি৷


চৌৰাশী নৰক ভুঞ্জি  পাপৰ যোনিত সিটো


অৱশ্যে হৈবেক উতপতি ৷৷ ৪৬



মায়া আদি কৰি যত  সমস্ত জগত জড়


কৃষ্ণসে চৈতন্য আত্মা  শুদ্ধ ৷


চৈতন্য কৃষ্ণক এড়ি  জড়ত ভজিয়া মৰে


কিনো লোক অধম মূগুধ ৷৷ ৪৭



তপ জপ তীৰ্থ ব্ৰত  যাগ যোগ যজ্ঞ দান


কাকো নুসুমৰে মৃত্যু বেলা৷


মৰন্তা জনক বেঢ়ি বোলা সমে ৰাম বোলা


হেন নামে  এৰিক্ষণে হেলা ৷৷ ৪৮



পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম


সৱে এৰি যিহেতু সুমৰে ৷


এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম


মল-মতি নৰে নুসুমৰে ৷৷ ৪৯



দুৰঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা


তেজ হৰি-নামক সম্প্ৰতি ৷


কমন উপায়ে আন পণ্ডিত সকলে এবে


লভিবেক আপোন মুকুতি ৷৷ ৫০



লভিয়া মনুষ্য -তনু  যিসৱ পণ্ডিত নৰে


নসাধিলে গতি আপোনাৰ ৷


কোটি জনমক লাগি  সংসাৰ সাগৰে মজি


ফুৰিবেক ভুঞ্জিয়া নিকাৰ ৷৷ ৫১



গোৱিন্দক নাৰাধিয়া  কোন কালে কদাচিত


সুখী হুয়া আছে কোন জন ৷


হেন শিক্ষা মনে ধৰি  ডাউকে বোলয় সদা


‘কোবা কোবা’ কুবাক্য বচন ৷৷ ৫২



শংকৰেশে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ব


প্ৰচাৰিল শাস্ত্ৰ সাৰ জানি ৷


ইহাক নজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে


আপোনাৰ মহত্ব বখানি ৷৷ ৫৩




শংকৰে সংশয় ছেদি  শাস্ত্ৰৰ তত্বক ভেদি


প্ৰচাৰিলা কৃষ্ণৰ ভকতি ৷


তাঙ্ক এৰি কি কাৰণে  আনক বোলয় গুৰু


কিনো লোক  মহামুঢ়-মতি ৷৷ ৫৪



নজানে শাস্ত্ৰৰ লয়  যেহি আসে তাক কয়


ছেদিবাক নপাৰে সংশয় ৷


গুৰু বোলাই তথাপিতো  ফুৰিয়া লোকৰ মাজে


মান্য সতকাৰ খুজি লয় ৷৷ ৫৫



বচনে কেৱল মাত্ৰ  হৰিত শৰণ লয়


চিত্তে আন দেৱক ভজয়৷


জানিবাহা কদাচিতো  সিদ্ধি যিটো নলভয়


হৰি তাৰ সন্তোষ নোহয় ৷৷ ৫৬



আগম নিগম তৰ্ক  পুৰাণ ভাৰত যত


ইতিহাস তন্ত্ৰ-মন্ত্ৰচয়


হে হৰি তোমাতেসে  খেলাৱে কেৱল বাদ


তোমাৰ তত্বক নজানয় ৷৷ ৫৭



ঐশ্বয্যৰ্ ভোগৰ মদে  মত্ত হুয়া ঈশ্বৰত


পৰাঙ্খুক ভৈলা যিটিজন ৷


যেন জীৰ্ণ গাই আতি  দুৰ্ঘোৰ সংসাৰ মহা


পংকে পড়ি হোৱয় মগন ৷৷ ৫৮



হৰিনাম ধ্বজা কৰি  বেদ-পথ পৰিহৰি


ফুৰে আতি পাষণ্ড সকল ৷


ইহ-পৰলোকে ভ্ৰষ্ট  হুয়া পেট পুষি মাত্ৰ


ফুৰিবেক পৰম নিষ্খল ৷৷৫৯



প্ৰাথৰ্না


====

অসমীয়া নিচুকনি গীত সমূহ


টোকা : অসমীয়া লোকসাহিত্য ভঁৰালৰ মানিকী মধুৰী জহাৰ দৰে আমোলমোলাই থকা সুৱাসিত সাহিত্যৰ এটি শাখা নিচুকনি গীত সমূহ | শিশুৰ সঙ্গীতৰ প্ৰতি থকা টান আৰু সুৰে সৃষ্টি কৰা মায়াময়তাই শিশুৰ মনত সন্মোহনী শক্তিৰ দৰে কাম কৰে |নিচুকনি গীতৰ মাজেৰে এগৰাকী মাতৃৰ সপোন , উজ্জ্বল আশা , বিশ্বাস-অবিশ্বাসৰ অভিব্যক্তিৰ ইংগিত পোৱা যায় |আমাৰ দ্বাৰা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে |{ কোনো সদাশয় ব্যক্তিৰ হাতত উক্ত নিচুকনি গীতটিৰ শেষাংশ থাকিলে জনাবলৈ অনুৰোধ জনোৱা হ’ল }


 


নাওঁ হেঙুলীয়া                 বঠা হেঙুলীয়া


আৰু হেঙুলীয়া চৈ এ |


চৈ ৰে তলতে                জোনবাই গইছে


হাততে বিচনী লৈ এ ||


আগেয়ে খুজিলোঁ                ফুলৰে বিচনী


এতিয়া তুলাইছা দৈ এ |


কেলেই লাগিছে                ফুলৰে বিচনী


গ’ল মহে জহে বৈ এ ||


 


 


লাই হালে জালে             আবেলি ব্তাহে


লফা হালে জালে পাতে |


আমাৰে মইনাই             হালিছে জালিছে


কালি আবেলিৰে ভাতে ||


 


 


হাতীয়ে খোজ কাঢ়ে            লোদোৰে পোদোৰে


ঘোঁৰাই খোজকাঢ়ে লৰি |


শিলৰে আলিতে             কোনে খোজ কাঢ়ে


তিয়ঁহৰ জালি যেন ভৰি ||


 


 


জোন বায়ে এ বেজি এটি দিয়া


বেজি নো কেলেই  মোনা সী-বলৈ


মোনানো কেলেই ধন ভৰাবলৈ


ধননো কেলেই হাতী কিনিবলৈ


হাতীনো কেলেই  উঠি ফুৰিবলৈ


হাতীত উঠি পানীৰাম ঘৰলৈ যায়


আলিবাটৰ মানুহবোৰে ঘুৰি ঘুৰি চায় |


 


 


মোৰ বোপাই লাহৰী            নেপাইছোঁ আহৰি


বৰা জুৰিছোঁ আহু |


সেই বৰা বানি                 পিঠাগুড়ি সানি


বোপাইলৈ লৈ যাম লাৰু ||


 


মোৰ বোপাই সৰু            ৰাখে বৰে গৰু


এচাৰি হেৰুৱাই কান্দে |


লোকৰ ধানে খাব            কোবাই কিলাব


লৰুৱাই আনিব গৰু ||


 


 


বাপুকণ ধুনীয়া          পিন্ধে পাতৰ চুৰীয়া


মূৰত হেঙুলীয়া ছাতি |


বাটৰ বাটৰুৱাই          ৰৈ ৰৈ সুধিছে


কোন বিষয়াৰ নাতি ||


 


বৰ চৰাৰ মূৰতে        বকুল ফুল ফুলিছে


নিতৌ তিনিপাহি সৰে |


মইনাৰ মুখলৈ         চাবকে নোৱাৰি


হীৰা কি মুকুতা জ্বলে ||


 


লাউ কলি কলি


জিকা কলি কলি


মইনাই ভাত খালে বৰপীৰাত বহি


মইনাই ভাত খালে ককায়েকে চক ৷


মাহীয়তী পেহীয়তী ঠেং তলে যক ৷


 


বুঢ়ীআই এ কৰাই ভাজি দিয়া খাওঁ


ইকৰা পাতেৰে নাও সাজি দিয়া


বঙাল মাৰিবলৈ যাওঁ


বঙালো মাৰিলা ভালকে কৰিলা


আমালৈ আনিছা কি ?


তোমালৈ আনিছোঁ পৰলা ঘোঁৰা টো


সোণৰে শিকলি দি ৷


 


ই বোলে কাণখোৱা, সি বোলে কাণখোৱা


কাণখোৱাই কি কাম কৰে


হাতত দা-যাঠি,


কাল্ধত ৰঙা ছাতি


ল’ৰাৰ কাণ খাই ফুৰে ৷


 


আমাৰ আইটি            নিচেই কুমলীয়া


নিচেই কলাপাতৰ থুৰি ৷


পিন্ধিব নাজানে        কঁকালৰ কাছুটি


বান্ধিব নাজানে চুলি ৷৷


 


বেৰতে বগালে         জয়ন্তী পৰুৱা


বগাই চোম গছত মুগা ৷


আমাৰে মইনা        ৰণলৈ ওলাইছে


সজাই এ পৰলা ঘোঁৰা ৷৷


 


এফালে বান্ধিছে       চেঁউৰী কাজলী


এফালে বান্ধিছে হাতী ;


হাতীৰে ওপৰত                    কোনে কাহঁ কোবায়


ভৰালী বৰুৱাৰ নাতি ৷


ভৰালী বৰুৱাৰ                     ছজনী তিৰোতা


তাৰে সৰু  জনী কাজী ;


কাজীৰে জীয়েকক                আনিব খুজিলো


মাটিৰে মৃদংগ সাজি ৷


মাটিৰে মৃদংগ                  ঘিটিঙাই বাজিলে


গড়গাওঁ দেশলৈ শুনি ;


গড়গাওঁ দেশতে                    কোৱঁৰ বহি আছিল


পাট কটা দাড়ঁ যেন দেখি ৷


 


 


জোনবাইৰ আগৰে একোটি তৰা


আয়ে বিয়া দিলে গঁঠীয়া দৰা


হেৰ’ তই গঁঠীয়া নেপাৰ গালি


আইৰ ঘৰলৈ যাম ভৰি পখালি ৷


 


আয়ে বুলিব         মোৰ জী আহিছে


বৰা ভাত এগালি ৰান্ধো ৷


বোপায়ে বুলিব       মোৰ জী আহিছে


গঁৰালৰ হাঁহিনী মাৰোঁ ৷৷


ককায়ে বুলিব       মোৰ ভনী আহিছে


ভাল তামোল এথোকি পাৰোঁ ৷


বৌয়ে বুলিব         মোৰ ননদ আহিছে


মূৰতে তলীয়া ফালো ৷৷


বোপাইলৈ আনিছোঁ     শালৰ বৰ কাপোৰ


আইলৈ আনিছোঁ খাৰ ৷


ককাইলৈ আনিছোঁ     পাটৰ টঙালী


বৌলৈ বাঢ়নী টাৰ ৷৷


 


আমাৰে মইনা শুব এ


বাৰীতে বগৰী ৰুব এ


বাৰীৰে বগৰী পকি সৰি যাব


আমাৰে মইনাই বুটলি খাব ৷


শিয়ালী এ নাহিবি ৰাতি


তোৰে কাণ কাটি লগামে বাতি


শিয়ালীৰ মুৰতে মৰুৱা ফুল


শিয়ালী পালেগৈ ৰতনপুৰ  ৷


 


আইটি শুবলৈ পাটী পাৰি দিয়া


শিমলু তুলাৰে তুলি


চকু তিৰেবিৰে কৰিছে আইদেউৰ


হ’লহি শয়নৰ বেলি ৷


 


এটি তৰা দুটি তৰা


সৰগত বহি কি কৰা


আম জাম লেটেকু টোক


বহি আছে ভাটুক টোক ৷


 


টোপনি টোপনি অ’ আই টোপনি


টোপনিৰ কলৰ তলত হয়


আনৰে চকুতে টোপনি নধৰি


মইনাৰ চকুতে ধৰ


 


আমাৰে মইনাই শুব এ


সোণালী ধাননি দাব এ


ন-চাউলৰে চিৰা ভাজি দিম


বাতি ধৰি ধৰি খাব এ


 


অ’ কুমলীয়া         খাবলৈ বঢ়িয়া


কটাৰীৰ আগৰে লোণে এ ,


বাপা কুমলীয়া       অতিকে ধুনীয়া


গাতে জিলিকে সোণে এ ৷৷


 


 


ই বোলে পোনাকণ         সি বোলে পোনাকণ


পোনাকণ কলৈকে গ’ল হে ,


পোনাকণ আছেগৈ          ককাকৰ বঙলাত


ঘিলা খেলিব পাই হে ৷৷


 


উৰে দৰিকী             ঘূৰে দৰিকী


ৰাঙলী দৰিকীৰ বিয়া ,


ৰাঙলী দৰিকীৰ           বিয়ালৈ মাতিছে


পচলা খৰিকাত দিয়া ৷


 


চৈ চৈ এ চিচৈ পোৱালি


লোণে মাছে ভাত খায় কি কৈ খীনালি


চৈ চৈ এ চিচৈ পোৱালি


বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি


 


লাই শাক লাহৰি         ঘিলা গ’ল পাহৰি


কিহেৰে উমলি থাকে


আইৰে ঘৰৰে                ঘিলা ধাৰে কৰি


তাৰেই উমলি থাকে ৷৷


 


খালে কি নাখালে          কেঁচা পিঠা গুড়ি


দিলে কি নিদিলে বাই


ধুমুৰ ধুমুৰ কৰি          খুন্দো পিঠাগুড়ি


পৰুৱা পিপৰাই খায় ৷৷


 


পিৰালিৰ পঁইতাত          সৰিয়হ পৰিলে


পাৰই বুটলি খায়


আমাৰ ভাইটিয়ে          বুটলি ফুৰোঁতে


পিছলি পৰিব যায় ৷৷


জপনা খিৰিকী            ভন্টি টিলিকি


নাপায় ভাইটিয়ে ঢুকি ৷


যেনে তেনে কৰি          ঢুকি পাই ভাইটিয়ে


পাখৰি কুকুৰত উঠি ৷৷


বৰ ঘৰৰ মুধৰে          ভৰুণ তামোল থুকি


খপৰাই কাটিব পাৰো


আমাৰ বোপালৈ           আজি দুপৰ ৰাতি


ছোৱালী আনিব পাৰো ৷৷


নাখাও নাখাও বুলি         খালি যে ৰৌমাছ


বাৰীৰ মৰলীয়া তুলি


নলওঁ নলওঁ বুলি          ল’লি দহে টকা


ধৰুৱাই ধৰিছে বুলি ৷৷


 


চোতালত সোমাবা          মৰণা মাৰিবা


খেৰ জোকাৰিব লাগে


খেৰ জোকাৰিবা           ঘুগুলা চালিবা


তেহে যদি কেচুৱা শোৱে ৷৷


 


মৰিয়া হাতৰে লাৰু


আমাৰে ভণ্টি নাচিব ধৰিছে


হাতত নাইকিয়া খাৰু


মাৰ নিচিনা নহ’লি তই


বাপেৰৰ নিচিনা নহ’লি তই


বাৰীতে আছিলে ভেকুলী বেং


তাৰে নিচিনা লেপেটা ঠেং


নেকান্দিবি মইনা এ


পাবি পাবি পাবি


বাপেৰে গৈছে কল ৰুবলৈ


ঠোক মেলিলেই খাবি


 


 


 


 


 


 


 


 


 


 


 


 


 


( ক্ৰমশঃ )


সংগ্ৰহ: সুস্মিতা বৰা


বিয়া নাম

সময় গতিশীল | সময় গতিশীল হোৱাৰ বাবেই অসমীয়া জাতীয় জীৱনৰ সামাজিক সংস্কৃতিৰ লগত জড়িত বহুতো আপুৰুগীয়া সম্পদ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে | এনে এক সাংস্কৃতিক সম্পদ হৈছে “বিয়া নাম” | বিয়া নামৰো এটি গুৰুত্বপূৰ্ণ অংশ হৈছে দৰা,ক-ইনা ,সখী ইত্যাদি সকলক সাঙুৰি আয়তী সকলে গোৱা “যোৰা নাম” | তদুপলক্ষে এই “যোৰা নামৰ” কেইটিমান কলি আমাৰ দ্বাৰা সংৰক্ষণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে | …. গতিকে ইয়াত কোনো ভুল ক্ৰুটি ৰৈ গ’লে পাঠক সমাজে ক্ষমাৰ দৃষ্টিৰে উনুকিয়াই দিলে কৃতাৰ্থ হ’ম |    


 


  


 


নাম: অ’ ৰঘুপতি


এখন তামোলেৰে ,


অ’ ৰঘুপতি


বিয়া খন পাতিছে ,


অ’ ৰঘুপতি


মুহুদি নকৰা সচ হে ,


অ’ ৰঘুপতি


যোৰা নাম গাবলৈ ,


দিয়ক অনুমতি |



নাম:ঢাপত আছে শিলিখা


পাণো আনিলা,


ঢাপত আছে শিলিখা,


মেকুৰী কণিয়া,


ঢাপত আছে শিলিখা,


তামোলো আনিলা ধেনা হে,


ঢাপত আছে শিলিখা,


ৰাম তুমি টিলিকা,


আমাৰ বাইদেউ


শকত ডাঙৰ


সমাজতে জিলিকা |



নাম:বেৰত বগাই মকৰা


বেঙেনা নামেৰে,


বেৰত বগাই মকৰা


গুটি নপচাবা,


বেৰত বগাই মকৰা


পিৰালিত নিদিবা ঠাই হে,


বেৰত বগাই মকৰা


দৰাৰে সখীয়েক


ক’ৰ জানো অকৰা |



নাম:বাঁহ খৰি


বাঁহ খৰি এচলা


গাঠ খৰি দুচলা


ৰামৰে সখীয়েকৰ


দাঁত কেইটা উচ্চলা |


আমাৰ বাইদেউ লখিমী


দেখিবলৈ শুৱনি


ৰামৰে ভনীয়েক জনী


বাঁহ তলৰ জখিনী |


ৰেলৰ ডবা তেলৰ টিং


ৰামৰ ভায়েকৰ


নাক নহয় মহৰ শিং |




নাম:পকা কঠাল লপ ঠপ


লাই হালে জালে


পকা কঠাল লপ ঠপ


আবেলি বতাহে


পকা কঠাল লপ ঠপ


লফা হালে জালে পাতে হে


পকা কঠাল লপ ঠপ


ৰামৰ ভায়েক বহি আছে


মুখে কৰে কপ কপ |


আমাৰ মাজত বহি আছে


ছোৱালী চোৱা মতলব ||





 


নাম: লেডী ছাতি দাণ্ডি


বগাকৈ বগলী ,


লেডী ছাতি দাণ্ডি


বহলাই বহিছে ,


লেডী ছাতি দাণ্ডি


বলুকাত বিয়লি বেলা হে,


লেডী ছাতি দাণ্ডি


ৰামৰ ভায়েক মান ধৰা


আমাৰ হাতত বন্দী |


তেলৰ বটল কোঁকোলা ,


লেডী ছাতি দাণ্ডি


বন্দী হোৱা মান ধৰাক


কোনে পাৰ মোকলা ||    






ক্ৰমশ:….

ফঁকৰা যোজনা

(১)  টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি, হোল চেলাৰত বিক্ৰী কৰি দিয়াই ভাল


(২)  লাই পোৱা কুকুৰে ডিঙিলৈকে জপিয়ায়, হাই নেক পিন্ধি থাকিবা


(৩)  যত্ন কৰিলে কষ্ট পায়


(৪)  খাই পাত ফলা মানুহক বিয়ালৈ নিমন্ত্ৰণ নিদিয়াই ভাল


(৫)  চুঙা চাই চুঙা পিঠা


(৬)  ঠেং চাই আঠুৱা মেলিবা


(৭)  কিনা হাঁহৰ ঠোটলৈকে মঙহ বাবে হাঁহ চুৰ কৰি খাব লাগে


(৮)  লোভেই পপ, পপেই কাঁটা বিস্কুট


(৯)  খাব জানিলে বিড়িয়েই চিগাৰেট, পিব জানিলে গেলাই বিলাতী মদ


(১০) বাতি খালে দাঁত ভঙাৰ সম্ভাৱনা থাকে


(১১) আঞ্জাত নাখায় লোণ, চিকেন কাৰিত যায় তিনি গুণ


(১২) যি মূলা বাঢ়ে হাবিত কাঁহে ওলাই নাহে


(১৩) জ্বলা জুইত জুই পুৱাব লাগে


(১৪) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নিলজ্জ্য


(১৫) উপকাৰীক অজগৰে খায় , অপকাৰীক কুকুৰেও নাখায়


(১৬) গোৰ মাৰি গংগাত পেলাব পৰিলে ভাল ফুটবলাৰ হ’ব পাৰি


(১৭) উলুৰ লগত আলু পুৰি খাব লাগে


(১৮) অচিন কাঠৰ থোৰা লগালে বিহুত লঘোণে থাকিব লগা হয়


(১৯) গছত কঁঠাল ওঠত লিপ্‌ষ্টিক


(২০) ঘঁহি থাকিলে শিলো ক্ষয় হয় আৰু ঘঁহোতাজনক মানুহে পাগল বুলি কয়


(২১) মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ শ্ৰেণীকোঠা


(২২) দেশতকৈ ৰাজ্য ডাঙৰ নহয়


(২৩) হলা গছ দেখিলে সকলোৱে আম পাৰে


(২৪) হৰিণাৰ মাংস‍ই বৈৰী, ক্ষীণ-মীণ হৰিণা পুহিব লাগে


(২৫) হাতত নাই ধন, আই. পি. এল.ৰ টিম কিনাৰ মন


(২৬) ফটা বাঁহ জোৰা নেলাগে, সেই কাৰণে চিমেন্টৰ খুটা দিব লাগে


(২৭) বাচি খাবা , জাগি ফেচবুক কৰিবা আৰু ধৰা পৰিলে এনেই খু্লিছো বুলি কবা


(২৮) জী ভালেই জোৱাই ভাল, ৱাল পোষ্ট ভালেই কমেন্ট ভাল


(২৯) এশ গৰু মাৰিলে এবছৰৰ বাবে চিন্তা নাই


(৩০) ৰাইজে মৰুভূমিত নখ জোকাৰিব লাগে


(৩১) ভুকুতে কল নপকে, সেই কাৰণেই কুংফু-কাৰাটে শিকিব লাগে


(৩২) চুৰেহে চুৰৰ ঠেং দেখে, সেই কাৰণে চুৰ কৰিব গ’লে ঠেং দুখন ঘৰতেই থৈ যাব লাগে


(৩৩) নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব পাৰিলে “গীনিচ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ”ত স্থান পায়


(৩৪) অধিক মাছত বগলী ধৰিবলৈ ভাল


(৩৫) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি, সেই কাৰণে নিজলৈ হুল পুতিব  লাগে


(৩৬) যি লঙ্কালৈ যায়, সি্য়েই ছাংগাকাৰা নহয়


(৩৭) ফিৰিঙতিৰ পৰা চিগাৰেট জ্ব্লাব পাৰি


(৩৮) পঢ়ে পঢ়াৱোই ৰোৱে পাণ, আৰু খায় জৰ্দা পাণ


(৩৯) যাঁচি দিলে মাণিকৰো মূল্য নাই, কিন্তু যাঁচি দিয়া চাধাৰ মূল্য আছে


(৪০) এশ বিদ্যা যাৰ তাকেই মাল্টিটেলেন্টেড বুলি কয়


(৪১) পানীত হাঁহ নচৰা অ্ৱস্থা হ’লে মূৰ্গী পুহিব লাগে


(৪২)  আপোন নাক কাতি সতিনীয়েকৰ যাত্ৰা ভংগ কৰিবলৈ যোৱাৰ আগতে ১০৮ ত কল কৰি এম্বুলেন্স মাতি থব লাগে


(৪৩) অকালতে দাঁত ভাঙিলে চেৰেলেক খাব লাগে


(৪৪)  নাই মোমাইতকৈ ধুনীয়া মামাই ভাল


(৪৫)  অবুজনক বুজোৱা আৰু বান্দৰ কেঁকুৱা ফ্ৰাই কৰি খোৱা একেই কথা


(৪৬)  নপতা ফুকনে আকাশত চাং পাতি খাই পাত ফালিলে বিনা মেঘে বজ্ৰপাত পৰি মৰি থাকে


(৪৭)   যি মুলা বাঢ়ে, বজাৰত নি কম দামত বেচি দিব লাগে


(৪৮)  যি লাই বাঢ়ে গাহৰিৰ লগত ফ্ৰাই কৰি খাব লাগে


(৪৯)  এশ গৰু মাৰিলে বাঘৰো মৰণ, গতিকে ৯৯লৈকে গন্তি কৰি আকৌ ১ৰ পৰা গন্তি কৰিব লাগে


(৫০)  আছে গৰু নাবায় হাল, থকাতকৈ বেচি দিয়াই ভাল


(৫১)  ৰাইজে মুখ জোকাৰিলে চাধা ওলায়


(৫২)  যি মুলা বাঢ়ে তাৰ দুটাই পাত


(৫৩)  উজলা মাত্ৰেই চাৰ্ফ এক্সেল ব্লু নহয়


(৫৪)  যেনে কুকুৰ তেনে কামোৰ৷


(৫৫)  মানুহ মৰণশীল, অৰ্থাত্‍ শিল মাৰিলে মানুহ মৰে


(৫৬)  কাকনো বুলিম ককা, সকলোৰে দাৰি-চুলিত ‘কেশকালা’


(৫৭)  ৰজনীকান্তে নখ জোকাৰিলে নৈ বয়


(৫৮)  ফটা হওক চিতা হওক পাটৰ টঙালী, কাণী হওঁক কুঁজী হওঁক NRI ছোৱালী


(৫৯)  সকলো উজলা বস্তুৱেই সোণ নহয়, সেয়ে ৰূপ পিন্ধিব


(৬০)  শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, সেই কাৰণে শিয়ালটোকো গড়ালতে বান্ধি থব লাগে


(৬১)  মহন্তৰ চিন বিধানসভাত

কেইটামান অসমীয়া সাঁথৰ



  • “চুই চা চুই চা, চুই দিলে পইছা”=কেৰেলুৱা



  • “ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ” =আমৰলি পৰুৱা।



  • “টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ” =বৰল।



  • “মাকে বৰশী বায়, পুতেকে সৰগ চায়” = বাঁহ গছ আৰু বাঁহ গাজ।



  • “মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?”=জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)।



  • “টুপ টুপ টুপলি, সময় গ’ল উকলি”/”টুপ টুপ টুপলি পানী পালে মুকলি”=জাল



  • “বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে”=দিয়াচলাই (জুইশলা)



  •  ”কাণত ধৰি নাকত বহে?”=বিতচকু,চশমা



  • “এজনী কলী গাই ঘাটে ঘাটে পানী খায়?”=বৰশী



  • “ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা”=



  • “ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ’ল গাভিনী”=আঠুৱা



  • ” কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ?”=বিড়ি



  • “কি বস্তু কাটিলে দীঘল হয়?”=নলা (drain)

  • “চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা. ” =হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু

  • “এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল”=কলাপাত

  • ‘হাবিত কাঁহে ওলাই নাহে’=কুঠাৰ

  • “ৰজাৰ লাঠি ঘন ঘন গাঠি”=কুহিয়াঁৰ

  • “এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি”= বিচনী

  • “এডাল খেৰে ঘৰটো বেৰে” =চাকি নাইবা মমবাতি

  • “ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত” =জোনাকী পৰুৱা

  • “আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ”=কুহিয়াৰ

  • ওপজিয়ে লৰ মাৰে কোন=’জেঠী পোৱালি

  •  ওপজিয়ে জপিয়ায় কোনে? = আখৈ

  • এনু এনু এনু, ধৈইৰবান্নাই ঠেনু=ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)

  • মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই= ৰেডিঅ’

  • উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্= কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)

  • ‘কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা” =কঁঠাল



  •  ”জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ?”=নিমখ

  • “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ

  • তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?=চৌকা

  •  ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি

  • “এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?”=ওকণি

  • “গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?”=যঁতৰ

  • “আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ?” =দুৱাৰডলি

  • “ৰজাৰ দলিছা…..দুয়োফালে বাগিছা”=ৰাস্তা?

  • “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল?”

  • “ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি”

  • “উপজিয়ে বুঢ়া হয় কোন, উপজিয়ে ৰঙা হয় কোন?=বুঢ়া আঙুলি,  ৰঙআ বেলি

  • “ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি “= জিভা

  • “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ?”=তামোল-পান

  • “ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা” =ভূ ঁইকপ/ অনাতা ঁৰ

  • “কৈ মৰিল কোন   নকৈ মৰিল কোন, দি মৰিল  কোন, নিদি মৰিল  কোন”=কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল’ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক)

  • “উপি উপি বাটত আছে চুপি”=জোক

  • “ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি” = চোতাল

  • “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ/টেকেলী

  • “কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে”=দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত)

  • “খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল”= নাৰিকল

  • “য’লৈ যোৱা মোক লগত লৈ যোৱা”=ছাঁ/ছাঁয়া

  • “নদী আছে পানী নাই, চহৰ আছে মানুহ নাই”= মানচিত্ৰ

  • “ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ”= আঁঠুৱা

  • “ক’লৈ যোৱা মোক মাৰি থৈ যোৱা”= দুৱাৰ

  • “লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত”= তামোল গছ

  • “গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি”=-আনাৰস/মাটিকঁঠাল/সফুঁৰিকঠাল/কেতেকীকঁঠাল ।

  • “আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই”=কেচুঁৱাৰ দাঁত

  • “ইলিলিত্‍ চৰাইটোৱে বিলিলিত্‍ কৰে,সাগৰ দেখিলে পাংখা মেলে”=জাল

  • “কেচাত তাল তোল পকাত গৰম, কবা নৰা যদি গালত চৰম৷”=

  •  ”জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী ,=বাঁহ গছ


ৰাম অৱতাৰে ৰাৱণ বধে , সেই তৰকাৰি ঘৰে ঘৰে “


বিহুগীত


১) পর্বতে পর্বতে বগাব পাৰো মই


লতা বগাবলৈ টান


বলিয়া হাতীকো বলাব পাৰো মই


তোমাক বলাবলৈ টান।


২) আজি বিহু বিহু  কালি বিহু বিহু


নাহৰ ফুল ফুলিবৰ বতৰ


কেতেকী চৰায়ে  কাটে সৰু সূতা


মৰুৱা কাঠৰে যঁতৰ।


৩) কোম্পানীৰ চাকৰি  নেলাগে লাহৰী


নেলাগে তলবৰ ধন


ঘৰতে থাকিবা  বনবাৰী কৰিবা


পঢ়িবা ভাগৱত-ৰামায়ণ।


৪) বসন্ত কালতে গছ বন শুৱনি


বাৰিষা শুৱনি নৈ


যৌৱন কালতে মানুহৰ শুৱনি


নেথাকে চিৰদিনে ৰৈ।


৫) ধনশিৰি পাৰ হৈ ঢপলিয়াই আহিলো


জিৰালো কলিয়াবৰত


তোমাকে বিচাৰি  ঘৰবাৰী এৰিলো


তোমাক নেপালোহি ঘৰত।


৬) তোমাৰে ঘৰলৈ  চাইকেল মাৰি গৈছিলো


আকাশে উৰিলে ধূলি


মোকে যোৱা দেখি তোমাৰ বাপেৰে


খাজিছে বন্দুকৰ গুলী।


৭) তোমাকে আনিম বুলি  বৰে ঘৰ সাজিলো


তিনিকুৰি হাতৰে মেৰ


পৰুৱা পিপৰা      সোমাব নোৱাৰা


দিছিলো ইকৰাৰ বেৰ।


৮) সৰু হৈ আছিলো একোকে নেজানো


আছিলো সুখেৰে খাই


ডাঙৰ হৈ আহিলো সকলো বুজিলো


শৰীৰত একুৰা জুই।


৯) হাতী হেৰুৱালো  লিহিৰি বনতে


ঘোঁৰা হেৰুৱালো ৰণত


পাই হেৰুৱালো  তোকে ধন চেনাই ঐ


এনুৱা যৌৱনৰ কালত।


১০) এড়ি গ’লে এৰাপাত  নালাগে মইনামাত


বেলি গ’লে নালাগে ভাত


বয়স ভাটি দিলে তোমাকো নালাগে


মৰম চেনেহ নেথাকে গাত।


১১) দিখৌ নৈ এৰিব পাৰো মই লাহৰী


জাঁজী নৈ এৰিব পাৰো


তোমাৰে মৰমকণ  এৰিব নোৱাৰো


নেখায়ো থাকিব পাৰো।


পৰ্বতৰ ঢেকীয়া লিহিৰি লিহিৰি


দেখিলে ল’বৰ মন যায়,


অতি চেনেহৰ ব’হাগৰ বিহুটি


হাততে মলঙি যায়।


আয়ে দিয়ে যিটোলৈ মই নেযাওঁ সেইটোলৈ


বায়ে পাৰে ছবুৰি গালি,


মইনো ভনীয়ে যিটো চান্দি থৈছো


সাইলাখ তিঁয়হৰ জালি।


তিতাকৈ কেৰেলা খালেহে বুজিবা


মুখত কেনেকুৱা লাগে,


মৰম কেনেকুৱা দিলেহে বুজিবা


বুকুত কেনেকুৱা লাগে।


চাপৰি চাপৰি তোলো মই বাবৰি


পুৰণিকলীয়া কচু,


যাকে চাব খোজো তাকে মই নেদেখো


কিনো জুয়ে লগা চকু।


কচুটেঙা ঢেঁকীয়া বিলাহী বেঙেনা


জুতি লগাই লগা খাবা,


ৰাতিৰে ৰাতিটো দুাৰ দাং খুলি থ’ম


বিৰালী যোৱাদি যাবা।


কুৱাই কা নকৰা জিলি জা নকৰা


শদিয়া পাৰৰে আলি,


কেঁচাই খাওঁ কেঁচাই খাওঁ নকৰ সোণমুৱা


নহওঁ ম তিয়ঁহৰ জালি।


দীঘলী বজাৰৰ পাভমাছ কিনি নি


খৰিচ টেঙা দি ৰান্ধো,


খাবৰে সময়ত তোলৈ মনত পৰে


ভাতৰ পাতত বহি কান্দো।


ঢাপৰে বেঙেনা চাপৰ ঐ নাচনী


ঢাপৰে বেঙেনা চাপৰ,


আমাৰে নাচনী লহঙে পহঙে


আনৰে নাচনী চাপৰ।


গেলাকৈ কোমোৰা পানী ঐ লাহৰী


গেলাকৈ কোমোৰা পানী,


এইজনী নাচনী আমাকো নালাগে


নিয়ক বৰেঘৰে টানি।


লাওলৈ বুলি হেন্দালি পাতিলো


বগালে বঙালী পূৰৈ,


তোমাক পামে বুলি মই আশা কৰা নাই


তুমি হ’লা বহুতৰ দূৰৈ।


নৈৰ কাষৰীয়া মাটি টাকৰীয়া


বেঙেনা ঢপলা পাত,


বয়স ভাটি দিলে বিহুকো নালাগে


আনন্দ নাথাকে গাত।


লাইৰ মাজে মাজে লফা ৰুই দিলো


কুকুৰাই খুঁচৰি খায়,


অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি


ধনে দি ৰাখোতা নাই।


ভঁৰালৰ টুপতে কেৰেলা বগালে


কোমোৰা বগালে চালত,


জীৱনে মৰণে নেৰিবা লাহৰী


নেৰিবা বিপদৰ কালত।


চাইনো চাই থাকিলে হাবিয়াস নপলায়


নেখালে নুগুচে ভো্‌ক,


কিনো খায়ে যাবি বালিহাটৰ বেঙেনা


দলিয়াই দি যাম তোক।


চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল


ব’হাগে পালেহি- নয়া নদী নয়া কুল


ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল


খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল


হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।


তোমাৰে লগতে- নয়া নদী নয়া কুল


মৰো যদি মৰিম মই- নয়া নদী নয়া কুল


এৰি যাম নিজৰে কুলেহে- নয়া নদী নয়া কুল


খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল


হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।


অ’ হায় হায়,


ধনশিৰি দলংখন- অ’ জোনে জোনালী


বান্ধিলে চেনাইকণ- অ’ জোনে জোনালী


লোহাৰে শলখা মাৰি জোনে জোনালী


জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি


বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।


আমাকে বান্ধিলে- অ’ জোনে জোনালী


সমাজৰ বান্ধোনে- অ’ জোনে জোনালী


দুটি দেহা দুফালে কৰি জোনে জোনালী


জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি


বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।


অ’ হায় হায়,


জাঁজী নৈক ভেটিলে- অ’ জোনে জোনালী


জোঙে ঐ জাবৰে- অ’ জোনে জোনালী


লুইতক ভেটিলে কোনে জোনে জোনালী


জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি


বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।


আমাকে ভেটিলে- অ’ জোনে জোনালী


সমাজৰ বান্ধোনে- অ’ জোনে জোনালী


মনকনো ভেটিব কোনে জোনে জোনালী


জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি


বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।


জাঁপ মাৰি আনকগৈ-ঐ লাং লাং


ঢাপৰ পুলি তামোল-থৈ লাং লাং


মৈতা দি আনকগৈ পাণে হেই-


ঐ লাং লাং থৈ লাং লাং


পদুমণি পুখুৰীত জাকৈ বাং


ৰঙিলী অ’ বাই পমিলী অ’ বাই


জকাই এৰি বিহুলৈ যাং।


খৰেকৈ যাঁওকগৈ- ঐ লাং লাং


শৰাইখন আনকগৈ- থৈ লাং লাং


বিহুৱাক ধৰকহি মানে হেই-


ঐ লাং লাং থৈ লাং লাং


পদুমণি পুখুৰীত জাকৈ বাং


ৰঙিলী অ’ বাই পমিলী অ’ বাই


জকাই এৰি বিহুলৈ যাং।


বোকাৰে গৰৈ মাছ অ’ ভনী ৰুণ-জুন


বোকাতে ঘূৰিলে অ’ ভনী ৰুণ-জুন


মলয়াত উৰিলে বগে ভনী ৰুণ-জুন


ওচৰ চাপি আহাচোন


কাণে কাণে কোৱাচোন


তোমাৰেনো মৰমৰ, তোমাৰেনো মৰমৰ কোন।


লোকে মাছে মাৰে আন্ধুলি-কুন্ধুলি


আমি মাছ মাৰো কুঢ়ি,


লোকে বিয়া কৰায় গাভৰু ছোৱালী


আমি বিয়া কৰাও বুঢ়ী।


লোকে মাছে মাৰে আন্ধুলি-কুন্ধুলি


আমি মাছ মাৰো টোৰা


লোকে বিয়া কৰায় চেঙেলীয়া ডেকাটো


আমি বিয়া কৰাওঁ বুঢ়া।


মাছখোৱা বজাৰত ছাতিটি কিনিলো


চিচিমুখত বদলি হ’ল,


তোমক আনিম বুলি বৰঘৰ সজালো


গৰুবন্ধা গোহালি হ’ল।


ম’হৰে গোৱালটি কাতিৰাম ককাইটি


কথালৈ কৰচোন কাণ,


হাতলে গগণা লৈয়ে আহিবি


ৰাতিবিহু মাৰিবলৈ যাম।


কঢ়া কুমতীয়া মধুমতী শিঙিয়া


ভটিয়াই বাসুদেউ পথাৰ,


আজি গধূলিকৈ যমে তোৰ ঘৰলৈ


পাতিম দীঘলীয়া কথা।


টকাৰ সৰু সৰু মাত সমনীয়া


টকাৰ সৰু সৰু মাত


ম’হঘূলি চাপৰিত টকাৰ মাত শুনি


এৰি যাওঁ পেটৰে ভাত।


ম’হঘূলি চাপৰিত ফাটবিহুতলীত


শুনিলো বিহুৰে উকি,


শালৰে মেলা তাঁত শালতে এৰিলো


বিহুলৈ আহিলো গুচি।


ঢাপে ঢাপে চৰিলে ঢাপলিকা চৰাইটি


বাঘলৈ নকৰে ভয়,


লক্ষীমপুৰ জিলাৰে সোলেঙী গাভৰু


চেহাবলৈ নকৰে ভয়।


ঔৰে গছতে মৌৱে বাহে ল’লে


ককাই পাৰি দিয়া খাওঁ’


বাঁৰে টকাটি সাজি দিয়া ককাইটি


বিহু মাৰিবৈ যাওঁ।


আমি অসমীয়া গাতে মুগা-ৰিহা


খোপাত আমাৰ কপৌফুল,


আমাৰে চিনাকি ব’হাগৰ বিহুটি


হাততে জেতুকা বোল।


বিহুৰে বিৰিণা পাতে সমনীয়া


বিহু বিৰিণা পাত


বিহু থাকে মানে বিহুকে বিনাবা


বিহু গলে বিনাবা কাক।


চকলা টেঙাটি অকলে নাখাবা


আমাকো এচকল দিবা


বিহু মাৰিবলৈ অকলে নাযাবা


ঐ আমাকো লগতে নিবা।


চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো


চিৰি লুইতলৈ চাই,


চিৰি লুইততে কিৰিলি পাৰিয়ে


চেনাই নাৱে মেলি যায়।


সুতুলি সুতুলি মাটিৰে সুতুলি


সুতুলি কিহেৰে বাও,


কঁকালৰ খোচনিত মাটিৰে সুতুলি


আঙুলি বোলায়ে বাও।


অসমৰ এজনী সোণ ঐ সোণজনী সোণোৱালী দলিচা


ধুনীয়া ছোৱালী সোণ ঐ সোণজনী সোণোৱালী দলিচা


কালৈ তুমি সাচিছা কালৈ তুমি ৰাখিছা


আশা মোৰে সোণ ঐ সোণজনী


দিবা জানো দিবা জানো


মৰমৰ মাত।


চৰাইদেওথানতে ৰেইকি ৰেৰেইৰেৰেই


ৰেলগাড়ী চলিছে ৰেইকি ৰেৰেইৰেৰেই


মোৰেসোণ চেনায়ে চলাইছে ৰেলগাড়ী


নাচনি কলবাৰীত


মাতে ঘেৰেঘেৰাই যায়ে কি অ চেনাই


বহুদিন দেখা নাই


তোমাৰ মিচিকীয়া হাঁহি


অ চেনাই তোমাৰ মিচিকীয়া হাঁহি


উকিয়াই উকিয়াই ৰেলগাড়ী চলি যায়


ষ্টেচনৰ, নাচনি কলবাৰীত


মাতে ঘেৰেঘেৰাই যায়, অ চেনাই মাতে ঘেৰেঘেৰাই যায়


আমাৰ বিহু চাবলৈ – হায় ঐ হালি-জাপি


আহিছে ককাইহঁত – হায় ঐ হালি-জাপি


আমালৈ আনিছে কি, ঐ আমালৈ আনিছে কি


আমালৈ আনিছে- হায় ঐ হালি-জাপি


ইলাচি দালচিনি- হায় ঐ হালি-জাপি


কোট-চোলা বনধকত দি, ঐ কোট-চোলা বনধকত দি-


দিয়েনো হালি-জাপি ঐ ভাঙোনো শলি-কাঠী ঐ


নিয়ৰতে, নিয়ৰতে তিয়াই যাও ভৰি l


গগনা আৰণি গগনা পুৰণি


গগনা কিহেৰে বায়


দুফালে দুচটি মাজতে এচটি


মুগাসূতা লগায়ে বায় ।


বিহুৱতী চৰায়েনা, অ’ আইতা নকছাৰি


কৰে বিহু বিহুনা, অ’ আইতা নকছাৰি


আমাৰ বিহু ভাঙোতা নায়ে আইতা নকছাৰি


চাৰিগাঁৱৰ ডাব-কটাৰী


মৰিগাৱৰ তামোলে পাণে আইতা তেজীমলা


ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰ।


কয়ে কলিকতা লয়ে লক্ষীমপুৰ


ডিব্রুগড় কিমানৰ দূৰ


অতিকৈ বিয়াকুল ন’হবা মইনা


আমাৰ যোৰকটাত ঘৰ।


ওলায়ে দেখিলো চিচিমুখৰ কলঘৰ


দুৱাৰখন মুকলি হল


মোৰ যে লাহৰী মোকনো পাহৰি


নেদেখা ৰাজ্যলৈ গ’ল।


ঘৰলৈ গ’লে মোক আয়ে দংশিব


কেনেকৈ ছিঙিলি কাণ


লাইপুলীয়া নৈখন কুৰুকা কুৰুকি


তাতে পৰি ছিগিলে কাণ।


কঢ়া সোৱণসিৰি হ’ল একেসুঁতি


মাৰো চুলি মেলি বুৰ


ৰাতিয়ে ৰাতিটো ভাবিলো চিনতিলো


কথাৰো নেপালো ওৰ।


“বিহুটি আদৰৰ বিহুটি সাদৰৰ


বিহুটি অসমৰ প্রাণ,


এনোৱা বিহুটি এৰিব লাগিলে


নাথাকে অসমৰ মান ।”


” চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি


ফুলিলে ভেবেলি লতা,


কৈয়ে থাকো মানে ওৰকে নপৰে


ৰঙালী বিহুৰে কথা ।”


“বিহু মাৰি থাকিবৰ মনে ঐ লাহৰী


বিহু মাৰি থাকিবৰ মন,


বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি


ভৰিব লাগিব ধন।”


“আজি গধূলিকৈ যাম ঐ লাহৰী


বাটৰে নঙলা খুলি,


কুকুৰে ভুকিলে তই আহিবি


ক’ত কি দেখিছ বুলি ।”


“আজি গধূলিকৈ নাহিবি চেনাই ঐ


নোপোৱা পদূলিত মোক ,


পৰহিলৈ গধূলি আহিবা চেনাই ঐ


ফালি যাম বেৰৰে চুক।”


“হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত


পাৰ হৈ পৰিমগৈ চালত,


ঘাম হৈ সোমামগৈ তোমাৰে শৰীৰত


মাখি হৈ চুমা দিম গালত।”


“কিনো খাই পাহৰিম তোকে ঐ লাহৰি


কিনো খাই পাহৰিম তোক,


মিচিকি আহিলে বৰবিহ আনিব


তাকে খাই পাহৰিম তোক ।”


“পৰ্বতে পৰ্বতে বগাব পাৰো মই


লতা বগাবলৈ টান


জুৰীয়া হাতীকো বলাব পাৰো মই


চেনাইকহে বলাব টান।”


“হাতী হেৰুৱালো লিহিৰী বনত ঐ


ঘোঁৰা হেৰুৱালো ৰণত


পায়ো হেৰুৱালো সৰগৰ মুকুতা


চোতালৰ দুৱৰি বনত।”


“চৰাই হৈ পৰিমগৈ তোমালোকৰ চোতালত


মাছে হৈ ধৰা দিম জালত


ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত


মাখি হৈ চুমা দিম গালত।”


“জাপে দিম মই দিচাঙত


দেখা দিম মই সপোনত


মৰম দিলে চেনেহ দিম


চিঠিৰে ঐ লগতে


কবিতা মই লিখি দিম


সেইখন চিঠি পঢ়িবলৈ


লাইটৰ পোহৰ নালাগে


লেম্পৰ পোহৰ নালাগে


মোৰ কলিজাৰ কেঁচা তেজ


আন্ধাৰতো জিলিকে।”


“কচুপাতে খজুৱাই


পদুমপাতে হহুৱাই


তুমি হৈছা পদুমপাত


মইনো হৈছো কচুপাত


ওচৰ চাপি নাহিবা


খজুৱাব তোমাৰ গাত।”


“চিপবন চিৰাদৈ থুৰীয়াই কাটিলো


চিপবন চিৰাদৈ তামোল তিনিখনি


চিপবন চিৰাদৈ নুৰীয়াই বান্ধিলো পাণ,


অ’ চেনাই নুৰীয়াই বান্ধিলো পাণ


চিপবন চিৰাদৈ পথাৰে পথাৰে


চিপবন চিৰাদৈ বিচাৰি ফুৰিলো


চিপবন চিৰাদৈ ক’তে দাই আছিলা ধান


অ’ চেনাই ক’তে দাই আছিলা ধান।”


“ৰঙিলী ঐ পমিলি ঐ


বিহু মাৰিবলৈ ওলাই আহ।”


কঢ়া সোৱণসিৰি হ’ল একেসুঁতি


মাৰো চুলি মেলি বুৰ


ৰাতিয়ে ৰাতিটো ভাবিলো চিনতিলো


কথাৰো নেপালো ওৰ।


ঘৰলৈ গ’লে মোক আয়ে দংশিব


কেনেকৈ ছিঙিলি কাণ


লাইপুলীয়া নৈখন কুৰুকা কুৰুকি


তাতে পৰি ছিগিলে কাণ।


ওলায়ে দেখিলো চিচিমুখৰ কলঘৰ


দুৱাৰখন মুকলি হল


মোৰ যে লাহৰী মোকনো পাহৰি


নেদেখা ৰাজ্যলৈ গ’ল।


কয়ে কলিকতা লয়ে লক্ষীমপুৰ


ডিব্রুগড় কিমানৰ দূৰ


অতিকৈ বিয়াকুল ন’হবা মইনা


আমাৰ যোৰকটাত ঘৰ।


বিহুৱতী চৰায়েনা, অ’ আইতা নকছাৰি


কৰে বিহু বিহুনা, অ’ আইতা নকছাৰি


আমাৰ বিহু ভাঙোতা নায়ে আইতা নকছাৰি


চাৰিগাঁৱৰ ডাব-কটাৰী


মৰিগাৱৰ তামোলে পাণে আইতা তেজীমলা


ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰ।


গগনা আৰণি গগনা পুৰণি


গগনা কিহেৰে বায়


দুফালে দুচটি মাজতে এচটি


মুগাসূতা লগায়ে বায় ।


আমাৰ বিহু চাবলৈ – হায় ঐ হালি-জাপি


আহিছে ককাইহঁত – হায় ঐ হালি-জাপি


আমালৈ আনিছে কি, ঐ আমালৈ আনিছে কি


আমালৈ আনিছে- হায় ঐ হালি-জাপি


ইলাচি দালচিনি- হায় ঐ হালি-জাপি


কোট-চোলা বনধকত দি, ঐ কোট-চোলা বনধকত দি-


দিয়েনো হালি-জাপি ঐ ভাঙোনো শলি-কাঠী ঐ


নিয়ৰতে, নিয়ৰতে তিয়াই যাও ভৰি ।


চৰাইদেওথানতে ৰেইকি ৰেৰেইৰেৰেই


ৰেলগাড়ী চলিছে ৰেইকি ৰেৰেইৰেৰেই


মোৰেসোণ চেনায়ে চলাইছে ৰেলগাড়ী


নাচনি কলবাৰীত


মাতে ঘেৰেঘেৰাই যায়ে কি অ চেনাই


বহুদিন দেখা নাই


তোমাৰ মিচিকীয়া হাঁহি


অ চেনাই তোমাৰ মিচিকীয়া হাঁহি


উকিয়াই উকিয়াই ৰেলগাড়ী চলি যায়


ষ্টেচনৰ, নাচনি কলবাৰীত


মাতে ঘেৰেঘেৰাই যায়, অ চেনাই মাতে ঘেৰেঘেৰাই যায়।।