|| গীতা পাঠ ||
ক) অৰ্জুন বিষাদ যোগ (প্ৰথম অধ্যায়)
ধৃতৰাষ্ট্ৰই (তেওঁ চকুৰে দেখা নাপায়, সেয়েহে) সুধিলে: হে সঞ্জয়, ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰ কুৰুক্ষেত্ৰত গোট খাই যুদ্ধ কৰিবলৈ উত্ৰাৱল হৈ থকা মোৰ আৰু পাণ্ডুৰ পুত্ৰগণে কি কৰিলে ? (পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ ককাই- ভাই) |
সঞ্জয়ে উত্তৰ দিলে: হে (মহাৰাজ) ধৃতৰাষ্ট্ৰ, পাণ্ডৱৰ সেনাক শাৰী পাতি থিয় দি থকা দেখি উত্তেজিত হৈ দুৰ্যোধন (এওঁ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰাজকুমাৰ) দ্ৰোণাচাৰ্য্যৰ কাষলৈ গ’ল আৰু এই খিনি কথা ক’লে
হে পূজনীয় গুৰুদেৱ (দ্ৰোণাচাৰ্য্য পাণ্ডৱ-কৌৰৱ উভয়ৰে শিক্ষাগুৰু আছিল), এবাৰ দৃষ্টি নিক্ষেপ কৰকছোন বিশাল পাণ্ডব সেনানীৰ ফালে- আপোনাৰ প্ৰিয় শিষ্য ধৃষ্টদ্যুম্নৰ (ৰজা দ্ৰুপদৰ পুত্ৰ) ব্যুহৰ আকাৰে পৰিবেষ্টিত হৈ আছে |
পাণ্ডৱৰ সেনানীত ভীম –অৰ্জুনৰ দৰে মহান ধনুৰ্বিদ আৰু যোদ্ধা আছে; বিৰাট, সাত্যকি আৰু দ্ৰুপদৰ দৰে পটু ৰথচালকো আছে |
ধৃষ্টকেতু, চেকিতন- কাশীৰ শক্তিশালী মহাৰাজ, পুৰুজিত্, কুন্তীভোজ আৰু শৈব্য – উত্তমোত্তম যোদ্ধা তেওঁলোকৰ ফালেই আছে |
অত্যন্ত শক্তিশালী য়ুধামন্যু, বীৰ উত্তমৌজ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল আছে – এওঁলোক প্ৰতিজনেই হৈছে মহান ৰথচালক, যোদ্ধা আৰু বৃহত্ সেনানীৰ অধিনায়ক|
হে ব্ৰাহ্মণৰ ভিতৰতে শ্ৰেষ্ঠ (দ্ৰোণাচাৰ্য্য), আমাৰ সেনানীৰ প্ৰধান সেনাপতি আৰু যোদ্ধাসকলৰ নাম আপোনাৰ জ্ঞাতাৰ্থে এতিয়া মই কৈ যাম |
স্বয়ং আপুনি, ভীষ্ম, কৰ্ণ, কৃপা, অশ্বত্থামা, বিকৰ্ণ, সৌমদত্তিৰ পুত্ৰ (ভূৰিশ্ৰৱা) সদায়েই সমৰ-ক্ষেত্ৰত বিজয়ী হৈ আহিছে |
মোৰ সেনানীত আৰু অনেক বীৰ আছে যি নিজৰ জীৱন মোৰ বাবে জলাঞ্জলি দিবলৈও সাজু হৈ আছে, যি বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ চালনাত পাৰ্গত আৰু সমৰ কলাত পটু |
আমাৰ সেনানীৰ শক্তি কিছুমাত্ৰাত ক্ষীণ হৈ পৰিছে, কাৰণ ভীষ্মৰ পৰিচালনাত আছে তেওঁলোক- অন্য হাতে ভীষ্ম হ’ল পাণ্ডৱ আৰু কুৰু দুয়োৰে শুভচিন্তক | পাণ্ডৱৰ সেনা ভীমৰ তলত নি:সন্দেহে পৰিপূৰ্ণ হৈ আছে |
এতিয়া আপোনাসৱে নিজৰ নিজৰ নিৰ্দিষ্ট স্থানত থিয় হৈ পিতামহ ভীষ্মক সুৰক্ষা দিব লাগিব |
পিতামহ ভীষ্মই, যি কুৰু বংশৰ মহান আৰু বিখ্যাত ব্যক্তি আৰু সেনানীৰ বেছিভাগৰে ককা (তেওঁ কেতিয়াও বিয়া নকৰালেও তেখেতৰ নাতি পুতিৰ সংখ্যা অগণন)- তেওঁৰ শংখটো উলিয়াই এনেকুৱা নিনাদ কৰিলে, শুনিবলৈ সিংহৰ গোজৰণি যেন হে লাগিল |
শংখধ্বনিৰ লগে লগে অন্যান্য শংখ, দবা, পেঁপা আদিও বাজি উঠিল আৰু চাৰিওদিশ ইয়াৰ শব্দৰে মুখৰিত হৈ উঠিল |
তাৰ পিছত শ্ৰীকৃষ্ণ আৰু অৰ্জুনে এখন শুভ্ৰ ঘোঁৰাই টনা বিশাল সুন্দৰ ৰথত থিয় হৈ নিজৰ নিজৰ শংখত ফুঁক দিলে |
ভগবান শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখটো বজালে, অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভীমে পৌণ্ড্ৰ নামৰ শংখটোত ফুঁক দিলে |
কুন্তীপুত্ৰ যুধিষ্ঠিৰে অনন্তবিজয় নামৰ শংখ আৰু নকুল, সহদেৱে যথাক্ৰমে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ কেইটা বজালে |
. কাশীৰ নৃপতি মহা ধনুৰ্দ্ধৰ, মহান যোদ্ধা শিখণ্ডী, ধৃষ্টদ্যুম্ন আৰু বিৰাট, অপৰাজেয় সাত্যকি, দ্ৰুপদ ৰজা, দ্ৰৌপদীৰ পাঁচ পুত্ৰ, সুভদ্ৰাৰ পুতেক অভিমন্যু – সকলোৱে নিজৰ নিজৰ শংখ উলিয়াই ফুঁক দিলে |
. ক্ৰমাত্ শংখৰ শব্দ বাঢ়ি বাঢ়ি ভয়ংকৰ হৈ উঠিল | আকাশ আৰু পৃথিৱী কঁপাই তোলা শংখ-নিনাদে ধৃতৰাষ্ট্ৰৰ পুত্ৰগণৰো বুকু কঁপাই তুলিলে |
. হে মহাৰাজ, ইয়াৰ পিছ্ত পাণ্ডু পুত্ৰ অৰ্জুনে, যি হনুমানৰ পতাকা-খচিত ৰথত বিৰাজ কৰি আছিল, তেওঁ নিজৰ তীৰ-ধনু উলিয়াই ধৃতৰাষ্ট্ৰৰ পুত্ৰগণৰ ফালে দৃষ্টি নিক্ষেপ কৰি শ্ৰীকৃষ্ণক এই কথা কেইষাৰ ক’লে |
. হে অজেয় পুৰুষ, অনুগ্ৰহ কৰি ৰথখন দুয়ো পক্ষৰ মাজলৈ নি তাত অৱস্থিত কৰক | কোন কোন যুদ্ধত উপস্থিত হৈছেহি আৰু মই কাৰ কাৰ সতে যুঁজ দিব লাগিব, এবাৰ নিৰীক্ষণ কৰি লওঁ |
মোক এবাৰ চাবলৈ সুবিধা দিয়ক- কপট মনৰ গৰাকী দুৰ্যোধনৰ হৈ কোনে কোনে নিজৰ সেনানী লৈ যুঁজ দিবলৈ আহিছে |
.সঞ্জয়ে ক’লে- হে ভাৰত (ভৰতৰ পুত্ৰ), অৰ্জুনৰ আগ্ৰহত হৃষীকেশে ৰথখন দুয়ো পক্ষৰ মাজত নি থিয় কৰাই দিলে |
ৰথখন ভীষ্ম, দ্ৰোণাচাৰ্য্য আৰু অন্যান্য বীৰসকলৰ আগত থিয় কৰাই দিয়াৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক উদ্দ্যেশি ক’লে- হে পাৰ্থ, ইয়াত সমবেত হোৱা কুৰুসকলক নিৰীক্ষণ কৰি লোৱা |
. অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দুয়ো পক্ষৰ সেনানীৰ মাজত থিয় হৈ অৰ্জুনে দেখা পালে তেওঁতকৈ বয়োজ্যেষ্ঠসকল, ককাক, পিতামহ, মামা, ভায়েকহঁত, পুত্ৰ, নাতি, বন্ধু, শহুৰ, শুভাকাংক্ষী- সকলো আহি তাত উপস্থিত হৈছেহি |
কুন্তীপুত্ৰ অৰ্জুনে নিজৰ আত্মীয় আৰু সম্বন্ধীয়গণক এনেদৰে দেখা পাই অভিভূত হৈ পৰিল আৰু অত্যন্ত দুখেৰে এই কথা কেইষাৰ ক’লে |
.অৰ্জুন উবাচ: হে শ্ৰীকৃষ্ণ, মোৰ বন্ধুবৰ্গ আৰু সম্বন্ধীয় সকলক দেখা পাই, যি সকল যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ আহিছে; মোৰ হাত-ভৰি কঁপিব ধৰিছে |
. মোৰ সৰ্ব শৰীৰ থৰথৰকৈ কঁপিছে, মূৰৰ চুলিবোৰ থিয় হৈ গৈছে, আৰু হাতৰ পৰা গাণ্ডীৱো খহি পৰিছে | ছালবোৰ উত্তেজনাত উত্তপ্ত হৈ পৰিছে |
মই এতিয়া সুস্থিৰ হৈ থাকিব নোৱাৰা হৈছোঁ, মূৰটো আচন্দ্ৰাই কৰিছে | মই দেখা পাব ধৰিছোঁ কেৱল দুৰ্ভাগ্যৰ আগজাননী |
আপোন মানুহক বধ কৰি কি সুফল লাভ কৰা যাব মই একো বুজি পোৱা নাই | হে সখা শ্ৰীকৃষ্ণ, এনে বিজয় বা ৰাজপাট লাভ কৰি কোনো সুখ পোৱা নাযাব |
হে গোবিন্দ, এনে ৰাজ্যৰ আমাৰ কি প্ৰয়োজন, এনে সুখৰ কি মূল্য আছে, এনে জীৱনৰ অৰ্থই বা কি? যাৰ বাবে আমি ৰাজপাট লাভ কৰিব খোজোঁ, সুখ-সমৃদ্ধিৰ প্ৰতি আগ্ৰহান্বিত হওঁ, সেইসকল পূজনীয় শিক্ষাগুৰু, পিতৃ, পুত্ৰগণ, পিতামহ, মামাশ্ৰী, শহুৰগণ, নাতিসকল, ভনী-জোঁৱাই আৰু অন্যান্য সম্বন্ধীয়সকল যুদ্ধক্ষেত্ৰত নিজৰ প্ৰাণ আৰু ৰাজ্য হাতৰ তলুৱাত লৈ উপস্থিত হৈছেহি | হে শ্ৰীকৃষ্ণ, তেওঁলোকে মোক বধ কৰিব খুজিলেও মই কিয় তেওঁলোকক হত্যা কৰিবলৈ ইচ্ছা কৰিম? তিনি ভুবনৰ ৰাজপাট পালেও মই এওঁলোকক হত্যা কৰিব নোৱাৰিম- পৃথিৱীৰ কথা বাদেই | হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰগণক মষিমূৰ কৰি আমি কি তৃপ্তি পাম?____________________
No comments:
Post a Comment