(তিনি)
ব্ৰজদাৰ ৰুমমেট হোৱা কাৰণে মই ৰেগিংঙৰপৰা ৰেহাই পাম ৷ ইমানদিনে যিটো সমস্যাই মোৰ নিদ্ৰা হৰণ কৰিছিল, সেই সমস্যাটো ইমান সহজে সমাধান হৈ যাব বুলি ভবাৰ লগেলগে এনে লাগিল – কোনোবাই যেন মোৰ বুকুৰ ওপৰৰ পৰা শিল এটাহে আতঁৰাই দিলে ৷ ব্ৰজদাৰ সান্তনাই অমৃতৰ দৰে কাণত প্ৰবেশ কৰি মোৰ তনু মন শাত পেলালে ৷
কিন্তু মোৰ মনত এটা প্ৰশ্ন উদয় নোহোৱাকৈ নাথাকিল – ব্ৰজদাৰ ৰুমমেট হোৱাৰ বাবে মোক কিয় ৰেগিঙ নকৰে ? ব্ৰজদা হোষ্টেলৰ বৰ ক্ষমতাশালী বাসিন্দা নেকি ? নে ব্ৰজদাৰ আন কিবা সবল ব্যক্তিত্ব আছে ? অনেক প্ৰশ্নই মোৰ মনত জুমুৰি দি ধৰিলে ৷ এই ৰহস্যৰ কাৰণ সুধিম বুলি ভাবোঁতেই দেখিলো ব্ৰজদাই ইতিমধ্যে কিতাপৰ মাজত মুৰ সুমুৱাইছে ৷ এনে অৱস্থাত ব্ৰজদাক আমনি কৰাটো উচিত নহয় বুলি ভাবি মনে মনে থাকিলো ৷
ব্ৰজদা বেছ গহীন, স্বল্পভাষী ৷সেইবুলি বেৰসিক নহয় ৷ গণিতৰ ছাত্ৰ হোৱা স্বত্বেও ৰবীন্দ্ৰনাথৰপৰা নজৰুললৈ, হেম বৰুৱাৰপৰা হীৰেণ ভট্টাচাৰ্যলৈ বিভিন্নজনৰ কবিতাৰ ভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰাটো তেওঁৰ এটা স্বভাৱ ৷ সাম্প্ৰতিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ঘটনাৱলীৰ সন্দৰ্ভতো তেওঁৰ জ্ঞানৰ দৌৰ ভোটা বুলি ক’ব নোৱাৰি ৷ সেইবাবে ব্ৰজদা চৰিত্ৰটো মোৰ বাবে দিনক দিনে যেনেদৰে আকৰ্সণীয়, তেনেদৰে অধিক ৰহস্যময় হৈ যাবলৈ ধৰিলে ৷ ব্ৰজদাৰ ৰুচি-অভিৰুচি, জীৱন-দৰ্শন সম্পৰ্কেও থিতাতে অনুমান কৰা সহজ নহয় ৷ সকলোতে যেন এটা ৰহস্যময় ভাৱ ৷ সেইবাবে মই মনে মনে ব্ৰজদাৰ ৰহস্য উদঘাটনৰ বাবে একপ্ৰকাৰ দৃঢ় প্ৰতিজ্ঞ হ’লো ৷
ব্ৰজদাৰ ৰহস্য উদঘাটন কৰিবলৈ মোৰ বেছি দিন নেলাগিল| দুমাহ হোষ্টেলৰ গতি-গোত্ৰ নিৰীক্ষণ কৰি দেখিলো – আচলতে ব্ৰজদাক সকলো আবাসীয়েই এৰাই চলে| ব্ৰজদা সম্পৰ্কে কাৰো মনত উচ্চ ধাৰণা নাই| আত্মকেন্দ্ৰিক, অহংকাৰী, দাম্ভিক বুলি বিভিন্ন বিশেষণেৰে ব্ৰজদাক উপলুঙা কৰে| সমগ্ৰ হোষ্টেলটোতে তেওঁৰ বিৰুদ্ধে এটা প্ৰতিকূল পৰিবেশ সৃষ্টি কৰা হৈছে| সেই বাতাবৰণৰ বাবে কোনো ছাত্ৰই ব্ৰজদাৰ ৰুমমেট হ’বলৈ ইচ্ছা নকৰে, সুখ-দুখৰ সমভাগী হ’ব নোখোজে| আনকি বাটে-পথে লগ পালেও সৌজন্যতাৰ খাতিৰত ব্ৰজদাক কোনোৱে আন্তৰিকতাৰে মাত এষাৰো দিব নোখোজে| তেৰ নম্বৰ ৰুমত থাকে বাবে “আনলাকি থাৰটিন” ব্ৰজদাৰ হোষ্টেলত প্ৰচলিত উপনাম| এই নামেৰে তেওঁৰ পৰিচয় দি আবাসীসকলে অদ্ভূত তৃপ্তি লাভ কৰে|
কিন্তু ব্ৰজদা এইবোৰ ক্ষেত্ৰত নিৰুদ্ধেগ, নিৰ্বিকাৰ, কাৰু প্ৰতি অভিযোগ নাই, অনুৰাগো নাই ৷ নিজৰ কাম নিজে কৰি গৈছে ৷ কামৰ ভিতৰত ব্ৰজদা ৰাতিপুৱা সাত বজাৰ লগে লগে হোষ্টেল এৰে (যি সময়ত মই টোপনিতে থাকো) আৰু দহবজাৰ আগে আগে আহি হোষ্টেল পায় ৷ সেইখিনি সময় তেঁও ঘৰুৱা টিউঠন কৰে ৷ আবেলি ক্লাচৰ পৰা আহি, কেতিয়াবা বাহিৰে বাহিৰে আকৌ টিউচনলৈ যায় আৰু গধুলি সাত বজাত আহি হোষ্টেলত সোমায় ৷ বুজিবলৈ বাকি নাথাকিল, টিউচনেই ব্ৰজদাৰ উপাৰ্জনৰ একমাত্ৰ সম্বল ৷ ব্ৰজদাৰ কষ্ট দেখি মোৰ দুখ লাগে, কিন্তু এইখেত্ৰত সহানুভূতি স্থাপনৰ বাট বিচাৰি নাপাওঁ ৷ যি সময়ত আমি দল বান্ধি মেটিনী শ্বো চাবলৈ ধাবমান হওঁ, সেই সময়ত ব্ৰজদা টিউচনলৈ বুলি চিটিবাছত উঠে ৷
মাজে মাজে মই শলঠেকাত পৰোঁ – দুকুল ৰক্ষা কৰিবলৈ গৈ হোষ্টেলৰ আবাসীয়ে ব্ৰজদাক অবজ্ঞা কৰে – মই সহ্য কৰিব নোৱাৰো ৷ আনহাতে, হোষ্টেলৰ আবাসীকো মই এৰিব নোৱাৰো – সংখ্যালঘু হোৱাৰ ভয়ত ৷
আগলৈ. . . . . .
No comments:
Post a Comment