"আমি অসমীয়া"ৰ উদ্দেশ্য:
"আমি অসমীয়া" নামৰ এই ৱেব-আলোচনী (web magazine)খন দৰাচলতে "আমি অসমীয়া বেচৰকাৰী সংস্থা"ৰ উদ্যোগত আৰু কিছু স্বেচ্ছাসেৱী ভাষাপ্ৰেমী অসমীয়াৰ সহযোগত ইংৰাজী ২০১২ চনৰ ফেব্ৰুৱাৰী মাহৰ পহিলা দিনটোৰ পৰা "ইণ্টাৰনেট"ত প্ৰকাশ হৈ আহিছে। অসমীয়া ভাষা-সংস্কৃতিক অবিকৃত ৰূপত "ইণ্টাৰনেট"ৰ মাধ্যমেৰে উপস্থাপন কৰি সমগ্ৰ বিশ্বতে "অসমীয়া" সৌৰভ বিয়পাই অসম আৰু অসমৰ ভাষা, কলা, সংস্কৃতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাটোৱেই এই ৱেব আলোচনীখনৰ মূল উদ্দেশ্য।
"আমি অসমীয়া"ত প্ৰকাশিত সকলো "অসমীয়া লেখা-মেলা" কেৱল Unicodeত অসমীয়া ভাষাতহে লিখা হয়। সাম্প্ৰতিক সময়ত Unicodeৰে স্থানীয় ভাষাক ইণ্টাৰনেটৰ যোগেদি বিশ্বমুখী কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি আমি অসমীয়াই এই বিষয়ে প্ৰয়োজনীয় সকলো প্ৰশিক্ষণ তথা লিখন সঁজুলি আৰু সহায়িকা ইত্যাদিৰ প্ৰয়োজন অনুসৰি যোগান ধৰি আহিছে।
"আমি অসমীয়া" অসমৰ উঠি অহা লেখক-লেখিকা সকলৰ বাবে নিজৰ মনৰ ভাৱ প্ৰকাশৰ এক মুকলি মঞ্চ। আনহাতে, এই আলোচনীখন অসমৰ প্ৰতিস্থিত লেখক-লেখিকা সকলৰ বাবে এক সহযোগিতাৰ স্থল, য'ত তেওঁলোকৰ লেখাসমূহক Unicodeত লিপিবদ্ধ কৰাই সেই সুন্দৰ চিন্তনসমূহক ইণ্টাৰনেটৰ যোগেদি সমগ্ৰ বিশ্বৰ পাঠক-পাঠিকাৰ বাবে উপলব্ধ কৰোৱা হয়।
"আমি অসমীয়া" সাহিত্যৰ সমুদ্ৰত এখন সমন্বয়ৰ সেঁতু, যিখন সমুদ্ৰৰ এটা তীৰত অসমৰ সুৱদি-সুৰীয়া ভাষা-সংস্কৃতি আছে আৰু আনটো তীৰত সদা উন্নয়নমগ্ন বিশ্ববাসী আছে। "আমি অসমীয়া"ই নিজৰ ভাষা-সংস্কৃতিক বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পাই নিবলৈ পুৰুষাৰ্থ কৰি যাব।
No comments:
Post a Comment