সময় গতিশীল | সময় গতিশীল হোৱাৰ বাবেই অসমীয়া জাতীয় জীৱনৰ সামাজিক সংস্কৃতিৰ লগত জড়িত বহুতো আপুৰুগীয়া সম্পদ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে | এনে এক সাংস্কৃতিক সম্পদ হৈছে “বিয়া নাম” | বিয়া নামৰো এটি গুৰুত্বপূৰ্ণ অংশ হৈছে দৰা,ক-ইনা ,সখী ইত্যাদি সকলক সাঙুৰি আয়তী সকলে গোৱা “যোৰা নাম” | তদুপলক্ষে এই “যোৰা নামৰ” কেইটিমান কলি আমাৰ দ্বাৰা সংৰক্ষণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে | …. গতিকে ইয়াত কোনো ভুল ক্ৰুটি ৰৈ গ’লে পাঠক সমাজে ক্ষমাৰ দৃষ্টিৰে উনুকিয়াই দিলে কৃতাৰ্থ হ’ম |
নাম: অ’ ৰঘুপতি
এখন তামোলেৰে ,
অ’ ৰঘুপতি
বিয়া খন পাতিছে ,
অ’ ৰঘুপতি
মুহুদি নকৰা সচ হে ,
অ’ ৰঘুপতি
যোৰা নাম গাবলৈ ,
দিয়ক অনুমতি |
নাম:ঢাপত আছে শিলিখা
পাণো আনিলা,
ঢাপত আছে শিলিখা,
মেকুৰী কণিয়া,
ঢাপত আছে শিলিখা,
তামোলো আনিলা ধেনা হে,
ঢাপত আছে শিলিখা,
ৰাম তুমি টিলিকা,
আমাৰ বাইদেউ
শকত ডাঙৰ
সমাজতে জিলিকা |
নাম:বেৰত বগাই মকৰা
বেঙেনা নামেৰে,
বেৰত বগাই মকৰা
গুটি নপচাবা,
বেৰত বগাই মকৰা
পিৰালিত নিদিবা ঠাই হে,
বেৰত বগাই মকৰা
দৰাৰে সখীয়েক
ক’ৰ জানো অকৰা |
নাম:বাঁহ খৰি
বাঁহ খৰি এচলা
গাঠ খৰি দুচলা
ৰামৰে সখীয়েকৰ
দাঁত কেইটা উচ্চলা |
আমাৰ বাইদেউ লখিমী
দেখিবলৈ শুৱনি
ৰামৰে ভনীয়েক জনী
বাঁহ তলৰ জখিনী |
ৰেলৰ ডবা তেলৰ টিং
ৰামৰ ভায়েকৰ
নাক নহয় মহৰ শিং |
নাম:পকা কঠাল লপ ঠপ
লাই হালে জালে
পকা কঠাল লপ ঠপ
আবেলি বতাহে
পকা কঠাল লপ ঠপ
লফা হালে জালে পাতে হে
পকা কঠাল লপ ঠপ
ৰামৰ ভায়েক বহি আছে
মুখে কৰে কপ কপ |
আমাৰ মাজত বহি আছে
ছোৱালী চোৱা মতলব ||
নাম: লেডী ছাতি দাণ্ডি
বগাকৈ বগলী ,
লেডী ছাতি দাণ্ডি
বহলাই বহিছে ,
লেডী ছাতি দাণ্ডি
বলুকাত বিয়লি বেলা হে,
লেডী ছাতি দাণ্ডি
ৰামৰ ভায়েক মান ধৰা
আমাৰ হাতত বন্দী |
তেলৰ বটল কোঁকোলা ,
লেডী ছাতি দাণ্ডি
বন্দী হোৱা মান ধৰাক
কোনে পাৰ মোকলা ||
ক্ৰমশ:….
No comments:
Post a Comment