আমাৰ সংকল্প

"য়ুনিক'ড"ৰ  সৈতে  আমাৰ এ‍ই যাত্ৰা:


"আমি অসমীয়া",এই শব্দ দুটাই সাধাৰণতে কি ভাব বহন কৰে? যিজনে পৃথিৱীৰ য'তেই নাথাকক কিয়, অসমৰ লগত এক আত্মিক সম্পৰ্ক অনুভৱ কৰে,যিজনে অসমৰ মাটি,পানী আৰু মানুহক আপোন বুলি ভাৱে,যিজনে অসমীয়া ভাষা-সংস্কৃতি আৰু অসমীয়া আচাৰ ব্যৱহাৰকে নিজৰ পৰিচয় আৰু স্বাভিমান বুলি গ্ৰহণ কৰিছে,তেৱেই অসমীয়া। আমাৰ অন্তৰতো এই স্বাভিমান সৰ্বব্যাপী বিদ্যমান। "ফেচবুক"ৰ বুকুত একত্ৰিত হোৱা সমূহ "অসমীয়া" লোকৰ উমৈহতীয়া মিলনস্থলী হিচাপে আমাৰ এক সুক্ষ্ম প্ৰচেষ্টা আছিল "আমি অসমীয়া" নামে  গোটটো। এই গোটৰ মূখ্য উদ্দেশ্য হৈছে অসমীয়া লোকসকলক একত্ৰিত কৰি অসমীয়া ভাষা সংস্কৃতিৰ সমন্বয়ৰ মাজেৰে সকলোৱে আমাৰ আপুৰুগীয়া ভাষাটোক আৰু আমাৰ অসমীয়া সংস্কৃতিটোক জীয়াই ৰখাৰ কাৰণে এক অভিযান আৰম্ভ কৰা। সে‍ই উদ্দেশ্যকে‍ই সাৰোগত কৰি “ফেচবুক”ৰ আমি অসমীয়া গোটৰ উদ্যোগত  আপোনাসৱৰ সন্মুখলৈ “আমি অসমীয়া  ই-আলোচনী" আগবঢ়াইছোঁ।
আমাৰ এই "ই-আলোচনী"ত "ফেচবুক" আৰু "য়ুনিক’ড"ৰ লগত সম্পৰ্ক থকা নথকা সকলো লোককে সাঙুৰি লোৱা হ’ব।  যিসকল ফেচবুকৰ সদস্য নহয়, আমি তেওঁলোকৰ লেখা সমূহো প্ৰকাশ কৰিবলৈ বিচাৰিম আৰু "য়ুনিক’ড"ৰ প্ৰয়োজনীয়তাক "ফেচবুক"ৰে সম্পৰ্ক নথকা লোকসকলৰ মাজলৈও আগবঢ়াই লৈ যোৱাৰ মানসেৰে এই "ই-আলোচনী"ৰ সৃষ্টি।এ‍ই আলোচনীত আপোনালোকৰ সকলোধৰণৰ গঠনমূলক লেখা আদৰণীয়, কেৱল আপোনালোকৰ সাহিত্যই অসম আৰু অসমীয়াক সম্পূৰ্ণৰূপে প্ৰতিনিধিত্ব কৰাটো বাঞ্চনীয়। এই আলোচনীত প্ৰকাশ কৰিবলৈ বিচৰা যিকোনো ধৰণৰ লেখা মেলা কেৱল অসমীয়া ভাষাত “য়ুনিক’ড”ত লিখা হোৱাটো বাধ্যতামূলক।


আহক,অসমীয়া ভাষা সংস্কৃতিৰ এই নব্য যাত্ৰাত “আমি অসমীয়া”ই একগোট হৈ আগবাঢ়োঁ আৰু আমাৰ অসমক আমি বিশ্ববাসীৰ সন্মুখত "যুনিক'ড"ৰ সহায়ত  পুনৰ্বাৰ ন-ৰূপত চিনাকী কৰি দিওঁ...."জয় আই অসম"

No comments:

Post a Comment