অসমীয়া সাহিত্যৰ এক মহান সৃষ্টি বঢ়াৰ পো মাধৱদেৱৰ “নাম-ঘোষা” বা “হেজাৰী-ঘোষা” ৷ এই মহান সৃষ্টিক ইউনিক’ড কৰণ কৰি ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ববাসীক উপলব্ধ কৰাৰ উদ্দেশ্যেৰে এই সামান্য প্ৰচেষ্টা ৷ গতানুগতিক দৈনন্দিন গুৰু সেৱাৰ সলনি একুট দুকুট কৈ নামঘোষা খন অসমীয়া ইউনিক’ডত লিখি আপোনালোকেও সহায়ৰ হাত আগবঢ়াব খুজিলে আগবঢ়াব পাৰে ৷ কৃষ্ণ !
—————————————————–
***************
শ্ৰী শ্ৰী হৰি শৰণম্
***************
নাম-ঘোষা
===========
হে মুক্তাৱপি নিস্পৃহাঃ প্ৰতিপদপ্ৰোন্মীলদানন্দং ৷
যামাস্থায় সমস্তমস্তকমণিং কুৰ্ব্বন্তি যং সেৱসে ৷৷
তান ভক্তানপিতাঞ্চ ভক্তিমপি তং ভক্তপ্ৰিয়ং শ্ৰী হৰিং ৷
ৱন্দে সন্তৎমৰ্থেয় হনুদিৱসং নিত্যংশৰণ্যং ভজেম্ ৷৷
ভজন
============
ছবি
—–
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি ৷
সমস্ত মস্তক-মণি নিজ ভকতৰ বশ্য
ভজোহেন দেব যদুপতি ৷৷ ১
যাৰ ৰাম-কৃষ্ণ নাম নাৱে ভৱ-সিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত ৷
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰো ঁহো হৃদয়ত ৷৷ ২
নমস্কাৰ
———-
মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম ৷
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ৷৷ ৩
উপদেশ
———-
একান্ত ভকত সৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত ৷
বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ৷৷ ৪
অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাংক
ব্যাপকত কিবা বিসৰ্জন ৷
এতাৱন্ত মূৰ্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ৷৷ ৫
যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে ৷
হৰিৰ প্ৰসাদে সিটৌ বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-গুণ গায়া নাচে ৷৷৬
কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ,
দূৰটো বিধুৰ হোন্ত তাৰ ৷
অহঙ্কাৰ থাকয়েন্তো সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱন কীৰ্তন ধৰ্ম যাৰ ৷৷ ৭
সকল নিগম লতা তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য স্বৰূপ ৷
সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায় লৈয়া
নৰমাত্ৰ তৰে ভৱকূপ ৷৷ ৮
যিটোজনে কৃষ্ণকথা বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয় ৷
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয় ৷৷ ৯
যাৰ পুত্ৰ সৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে৷
দধি দু্গ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে ৷৷ ১০
সেহিসে সকল শাস্ত্ৰ পঢ়িলে শুনিলে সি সি
অনুষ্ঠান সকলে কৰিল ৷
নিৰাশা ইশ্বৰ কৃষ্ণ তাহাংক সমুখ ভৈল
আশাক যিজনে পিঠি দিল ৷৷ ১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱেবা যদি
সমস্ত অৱস্থা আছে পায়া৷
কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে-ভিতৰে হোৱে কায়া ৷৷ ১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান-ভূত
নাৰায়ণ-নামক সুমৰে৷
অচতুৰ সিটোআতি পাপৰ নিদান-ভূত
নামে অৰ্থবাদ যিটো কৰে ৷৷ ১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰশন্ন হোৱে মন ৷
শুনিয়ো পাৰ্ব্বতী মই মনত শঙ্কায়ে ৰঙ্গে
ৰাম বুলিলেক ইটো জন ৷৷ ১৪
কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰে সমস্তয়৷
জলৰ যতেক মল যেহেন শৰত কালে
স্বভাৱত নিৰ্ম্মল কৰয় ৷৷ ১৫
হুয়া দেৱ দিগম্বৰ ভস্মে বিভুষিত অংগ
শিৰত ধৰিয়া জটা-ভাৰ৷
মহেশো সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ৷৷ ১৬
ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি৷
লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাংক সৰি ৷৷ ১৭
সমস্ত বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত ৰস পাই৷
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই ৷৷ ১৮
মহাভাগৱত ৰস মাধৱৰ নাম-যশ
আক পান কৰিল যিজন৷
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰস
ৰতি আন নকৰয় মনে ৷৷ ১৯
কৃষ্ণ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয়৷
নিস্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয় ৷৷২০
চণ্ডাল পযৰ্্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম-গুণ বিনে আন৷
সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ ৷৷ ২১
যিহেতু চৈতন্য-পূৰ্ণ পৰামাত্মা ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি ৷
তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জল ৰাশি ৷৷ ২২
ৰাম-কৃষ্ণ হৰি নাম সৰ্ব্ব-ধৰ্ম্ম – অনুপাম
সকল নিৰ্গমে-তত্ব সাৰ,
যাত পৰে ধৰ্ম নাহি আৰ৷
হেন নাম নুসুমৰি কমন ভাৰষা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ ৷৷২৩
বিষ্ণু-পাদোদক গংগা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয়৷
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শবদৰ স্বৰূপ আছয় ৷৷ ২৪
পুন্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ
প্ৰকাশ কৰয় অতি বড়ে৷
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ-হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে ৷৷২৫
আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে ৷
হৰি নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপোনাক তাৰে ৷৷ ২৬
দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা৷
সন্তৰ সংগত বসি সুখে হৰি-গুণ গায়া
সন্তোষে অমৃত পান কৰা ৷৷ ২৭
হৰি-নাম কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি৷
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
কীৰ্ত্তন কৰন্ত হোৱে সিদ্ধি৷৷ ২৮
——————————
শংকা
বিষয়-সমন্ধ -সুখ সমস্ত যোনিতে পায়
হৰি-সেৱা একো স্থানে নাই৷
হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য-তনু
জানি ফুৰা হৰি -গুণ গাই৷৷২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি-গুণ-কীৰ্ত্তন নকৰে৷
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি-নাম-কীৰ্ত্তনত পৰে ৷৷৩০
মৃত্যু তৰিবাৰ আন আছয় উপায় যত
বিঘিনি – দূষিত নিৰন্তৰে৷
বিঘিনি-ৰহিত যত মাধৱৰ গুণ-কৰ্ম
কীৰ্ত্তন কৰিয়া সুখে তৰে ৷৷ ৩১
লুব্ধমতি মনুষ্যৰ হৰি-কীৰ্ত্তনত পৰে
নাহিকে ৰহস্য বিত্ত আৰ ৷
আন আশা পৰিহৰি মাধৱকে মনে ধৰি
হৰিৰৰ কীৰ্ত্তন কৰা সাৰ ৷৷ ৩২
শুনা পৰমাৰ্থ-তত্ব শ্ৰীমন্ত-শঙ্কৰ মত
ধৰিয়োক সজ্জন সকল ৷
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্মল ৷৷ ৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি গুণ ভাগৱত সাৰ ৷
সাধু-সংগ অনুসৰা শ্ৰৱন কীৰ্ত্তন কৰা
পৰিহৰ পাষণ্ড-আচাৰ ৷৷ ৩৪
ৈবৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ ৷
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ ৷৷৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল
তাহাৰ দুৰ্লভ কিছু নাই৷
নাৰায়ণ-পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবঞ্ছায় সেৱা সুখে পাই ৷৷ ৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস স্থান
মুখ নয়নৰ পান-পাত্ৰ ৷
দিক্ পাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ-পদ্ম মাত্ৰ ৷৷ ৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ
তপ জপ যাগ যোগ দানে ৷
একান্ত ভক্তৰ পদ- ৰেণু শুদ্ধ চিত্তে নাথে
অভিষেক নকৰয় মনে ৷৷ ৩৮
গ্ৰাম্য-কথা বিনাশন উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সঙ্গত ৷
তাক অনুদিন যিটো সেৱে তাৰ সতী মতী
হোৱে বাসুদেৱ চৰণত ৷৷ ৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্নে নোহয় দুৰ্দ্দিন ৷
হৰি-কথা-অমৃতৰ সম্যক আলাপ ৰসে
যিটো দিন হোৱয় বিহীন ৷৷ ৪০
আত্মা-ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পায়
নপায় জানা তাঙ্ক অবিদ্যাত ৷
অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন
কণ্ঠ-লগ্ন বস্তু সাক্ষাত ৷৷ ৪১
নিন্দা
====
ৰামায়ন হেন ইটো শবদ আছয়ে মুখে
বশবৰ্তী বচন আছয় ৷
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মলি-মতি মনুষ্য মৰয় ৷৷ ৪২
তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুন পতি
তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় ৷
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনষিৎ ধেনু ধৰি খায় ৷৷ ৪৩
সৰ্ব-শ্ৰুতি শিৰোৰত্ন ভাগৱত-বন-মাজে
হৰি-নাম-সিংহ প্ৰকাশয় ৷
তাৰ মহাধ্বনি শুনি নিজ পৰিবাৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ৷৷ ৪৪
স্মৰহ গোৱিন্দ মূঢ় বোলহু গোৱিন্দ মূঢ়
ভজহু গোৱিন্দ সৰ্ব্বক্ষণে ৷
মৰণ সময় পাইলে গোৱিন্দেসে ৰাখিবন্ত
নাৰাখিবে ‘ ডুকৃঞ কৰণে’৷৷ ৪৫
ঈশ্বৰ কৃষ্ণ যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়-মতি৷
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হৈবেক উতপতি ৷৷ ৪৬
মায়া আদি কৰি যত সমস্ত জগত জড়
কৃষ্ণসে চৈতন্য আত্মা শুদ্ধ ৷
চৈতন্য কৃষ্ণক এড়ি জড়ত ভজিয়া মৰে
কিনো লোক অধম মূগুধ ৷৷ ৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু বেলা৷
মৰন্তা জনক বেঢ়ি বোলা সমে ৰাম বোলা
হেন নামে এৰিক্ষণে হেলা ৷৷ ৪৮
পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম
সৱে এৰি যিহেতু সুমৰে ৷
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
মল-মতি নৰে নুসুমৰে ৷৷ ৪৯
দুৰঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজ হৰি-নামক সম্প্ৰতি ৷
কমন উপায়ে আন পণ্ডিত সকলে এবে
লভিবেক আপোন মুকুতি ৷৷ ৫০
লভিয়া মনুষ্য -তনু যিসৱ পণ্ডিত নৰে
নসাধিলে গতি আপোনাৰ ৷
কোটি জনমক লাগি সংসাৰ সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ ৷৷ ৫১
গোৱিন্দক নাৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোন জন ৷
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
‘কোবা কোবা’ কুবাক্য বচন ৷৷ ৫২
শংকৰেশে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ব
প্ৰচাৰিল শাস্ত্ৰ সাৰ জানি ৷
ইহাক নজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ব বখানি ৷৷ ৫৩
শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি ৷
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামুঢ়-মতি ৷৷ ৫৪
নজানে শাস্ত্ৰৰ লয় যেহি আসে তাক কয়
ছেদিবাক নপাৰে সংশয় ৷
গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাজে
মান্য সতকাৰ খুজি লয় ৷৷ ৫৫
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়৷
জানিবাহা কদাচিতো সিদ্ধি যিটো নলভয়
হৰি তাৰ সন্তোষ নোহয় ৷৷ ৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰচয়
হে হৰি তোমাতেসে খেলাৱে কেৱল বাদ
তোমাৰ তত্বক নজানয় ৷৷ ৫৭
ঐশ্বয্যৰ্ ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰাঙ্খুক ভৈলা যিটিজন ৷
যেন জীৰ্ণ গাই আতি দুৰ্ঘোৰ সংসাৰ মহা
পংকে পড়ি হোৱয় মগন ৷৷ ৫৮
হৰিনাম ধ্বজা কৰি বেদ-পথ পৰিহৰি
ফুৰে আতি পাষণ্ড সকল ৷
ইহ-পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰিবেক পৰম নিষ্খল ৷৷৫৯
প্ৰাথৰ্না
====
No comments:
Post a Comment