যাত্ৰা
(গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত কাব্যিক উপন্যাস)
ড৹ বিমল মজুমদাৰ
অধ্যাপক, অসমীয়া বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়
(এক)
“আমি আহি আছো
জীৱন্ত সোঁতত সাতুৰি
জানো এই যাত্ৰাৰ শেষ নাই”
এৰা, জীৱন মানেই ক্লান্তিহীন, বিৰামহীন এক সুদীৰ্ঘ যাত্ৰা ৷ জীয়াই থকা দিনকেইটত এটা যাত্ৰাৰ আন্তত পুনৰ আৰম্ভ হয় আন এটা যাত্ৰা ৷ কবিৰ ভাষাত ক’বলৈ হ’লে ‘গতি নাই গতিৰ বাহিৰে’ ৷ প্ৰতিটো যাত্ৰাৰ লগত জড়িত থাকে উৎসাহ – উৎকণ্ঠা, ভয় – শংকা ৷ কাৰণ জীৱনৰ গতিপথ কণ্টকময়, দুৰ্গম ৷ মোৰ জীৱনতো আজিৰ পৰা আৰম্ভ হ’ব এটা নতুন যাত্ৰা – এটা নতুন পথেৰে ৷
এখোজ –দুখোজকৈ দুই নম্বৰ হোষ্টেলৰ দীঘল কৰিডৰটোৰে সোমাই গ’লো ৷ নিজকে আজি ন – কইনা যেন লাগিছে ৷ হোষ্টেলৰ আবাসী হোৱাৰ সৌভাগ্য অথবা দুৰ্ভাগ্য আজিলৈ হোৱা নাই ৷ কোৱা শুনিছো হোষ্টেলৰ জীৱন যাত্ৰাৰ হেনো এক সুকীয়া মাদকতা আছে ৷ যিয়ে সেই মাদকতাৰ সোৱাদ এবাৰো পোৱা নাই; তেনে ছাত্ৰ জীৱন হেনো অসম্পূৰ্ন, অসাৰ্থক ৷ গোৱালপাৰা জিলাৰ আওহতীয়া গাঁও এখনৰপৰা আহি বিশ্ববিদ্যালয়ত নামভৰ্ত্তি সূত্ৰে আজি মই হোষ্টেলৰ আবাসী হ’বলৈ ওলাইছো ৷ বুকুত অলেশ আশা, চকুত হেজাৰ স্বপ্ন ৷ মোৰ পিছে পিছে দাদা,
হোষ্টেলত থবলৈ আহিছে ৷ ঘৰত মা – দেউতাৰ উপদেশ অনেক উপদেশ – “সাৱধানে থাকিবি ৷ কাৰো লগত হাই – কাজিয়া নকৰিবি ৷ লগতে চঞ্চল স্বভাৱটো এৰিবি ৷” মা – দেউতাৰ উপদেশ শুনি মোৰ সাউৎকৰে মনত পৰিছিল মমতালৈ – “তই নতুন ঘৰখনত হাঁহি – মাতি থাকিবি ৷”
`ক’ৰিডৰটোৰ প্ৰায় শেষপিনে অৱস্হিত ১৩ নম্বৰ কোঠাত টোকৰ মাৰিলো ৷ দুৱাৰ খোল খালে ৷ হাতত ভি, আাই, পি বেগ, ট্ৰাণ্ক আৰু হল্ডঅলটো দেখিয়েই বোধকৰোঁ বুজি পালে – মই সেই কোঠাটোৰ আবআসী হ’বলৈ আহিছো ৷ ইঈিতেৰে তেও ভিতৰলৈ মাতিলে ৷ খালি হৈ থকা বিছনাখনতে ট্ৰাণ্ক বেগ আৰু হল্ডঅলটো থলো ৷কোঠাটোত থকা একমাত্ৰ চকিখন দাদালৈ আগবঢ়াই দি মোক বিছনাত বহহিবলৈ ক’লে ৷ থিতাতে মই ৰুমটোৰ চাৰিওফালে এবাৰ চকু ফুৰাই ল’লো ৷ বেৰত ওলমি আছে মোৰ প্ৰিয় কবি গৰাকীৰ সৰু - সৰু দুটা কবিতাৰ স্তৱক :
“কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি”
তাৰ থিক তলতেই আছে :
“ভঙা কলিজাত কোনে বিনায়:
কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাঁই ৷”
বিদ্যুৎ গতিৰে এক অনাবিল আনন্দৰ শিহৰণ মোৰ বুকুৰ মাজেলৈ সোমাই আহিল ৷ ভাৱ হ’ল মই যেন সঠিক ঠাইত আহি উপস্হিত হৈছো ৷ তেনেতে তেওঁ পৰিচয় দিলে – “মই ব্ৰজ, ব্ৰজ চৌধুৰী ৷ যোৱা বছৰেই প্ৰিভিয়াচ দদিব লাগিছিল, বিশেষ অসুবিধাৰ বাবে দিয়া নহ’ল ৷” তাৰপিছত মোৰ ফালে চাই ক’লে – পিছে তুমি ইমান পলমকৈ আহিলা কিয় ? ক্লাচ আৰম্ভ হোৱা দুমাহ হহৈ গ’ল ৷ আৰু কিছুদিন নহা হ’লে চিটটো তোমাৰ হাতৰপৰা সৰকি গ’লহেঁতেন ৷ হোষ্টেলত আজিকালি চিট পোৱাটো বৰ টান ৷”
মই উত্তৰ দিয়াৰ আগতেই দাদাই স্পষ্টীকৰণৰৰ ৰুপত দাঙি ধৰিলে :
- “কিছুদিনৰপৰা ইয়াৰ গাটো সিমান ভাল নাছিল ৷ সেয়ে সোনকালে পঠিয়াব খোজা নাছিলো ৷”
আচলতে মইহে ‘আজি আহিম, কালি আহিম’কৈ যিমান পাৰু পিছুৱাই আছিলো ৷ কাৰণ ইতিমধ্যে মোৰ মনত ‘ৰেগিং’নামৰ ভূতটোৱে ভালকৈ থিতাপি লৈছিল ৷ হোষ্টেলৰ ৰেগিং হেনো বৰ সাংঘাতিক ধৰণৰ ৷ দুই – একে কোৱা শুনিছো দুমাহমানৰ পিছত ৰেগিংৰ চোক লাহে লাহে কমি আহে ৷ সেইবাবে মই যিমান পাৰো পলমকৈ অহাৰ পক্ষপাতি আছিলো ৷
আগলৈ. . . . . .
No comments:
Post a Comment