(দুই)
দাদাই সদ্য-ৰুমমেট ব্ৰজ চৌধুৰীৰ লগত ইটো-সিটো কথা পাতি এসময়ত যাবলৈ ওলাল | মই বিদায় দিয়াৰ বাবে গেটৰ ওচৰলৈ ওলাই আহিলো | দাদাৰ ভাষ্যমতে,"তোৰ ৰুমমেট বেছ গহীন | গতিকে আশা ৰাখিছো তাৰ প্ৰভাৱত তোৰ উতনুৱা স্বভাৱটোৰ কিছু পৰিৱৰ্তন হ’ব |"
দাদা গ’ল গৈ| অজানিতে বুকুৰ ভিতৰৰ পৰা এটা তপত হুমুনিয়াহ ওলাই আহিল । দাদা যোৱাৰ বাটটোলৈ চাই প্ৰথমবাৰৰ বাবে মনটো উদাস উদাস লাগিল । এৰা, এনে অনুভূতি একোতাৰ অধিকাৰী হবলৈও অন্তত এবাৰ হোষ্টেলত থকা প্ৰয়োজন -
''দূৰণিৰ পখীজাক মিলি যায় দিগন্তত
মাতি যায় আকুল সুৰত
প্ৰতিধ্বনি বাজে সুদূৰত ৷''
''পুৱাৰপৰা গধূলিলৈকে
প্রতিটো মুহূৰ্ত্ততে
ভয় সন্দেহ ৷ হয়তো ছিঙি যাব
সেই সোণালী সূতা ৷''
ৰেগিঙৰ ত্ৰাখত হোষ্টেলৰ আবাসী হিচাপে প্ৰায় এটা মাহ অতিবাহিত কৰিলোঁ ৷ এই সময়খিনিৰ ভিতৰত এতিয়ালৈকে মই ৰেগিঙৰ কবলত পৰা নাই ৷ কিন্তু যিকোনো মুহূৰ্ত্ততে পৰিব পাৰো – এই চিন্তাই মোক একপ্ৰকাৰ উৎকণ্ঠিত কৰি ৰাখিছে ৷ তথাপি মুখ খুলি এই কথা মই কাকো ক’ব পৰা নাই ৷ পাৰ্য্যমানে মই ব্ৰজদাৰ ছাঁৰ দৰে লাগি আছো ৷ একেলগে ক্লাচলৈ গৈছো, ডাইনিং হললৈ গৈছো আৰু যিখিনি সময় ব্ৰজদা হোষ্টেলত নাথাকে সেইখিনি সময় বাহিৰত অতিবাহিত কৰিছোঁ ৷
এদিন ব্ৰজদাৰ মোৰ মনত জন্মা ত্ৰাসৰ কথা অৱগত কৰিলো ৷ লগতে এইটোও জনালো যে সেই ভয়ৰ বাবে মই এতিয়াও হোষ্টেলত স্বাভাভবিকভিবে থাকিব পৰা নাই ৷ তাৰ মাজতে সুধি পেলালো :
- ‘হোষ্টেলত বাৰু ৰেগিং চলি আছে নাকি ?’
- ‘ৰেগিং সদায় চলে, কিন্তু ৰাতি দহ বজাৰ পিছত ৷
তেনেহলে এদিন নহয় এদিন ৰেগিঙৰ মুখামুখী হোৱাটো খাটাং ৷ ব্ৰজদাৰ উত্তৰ শুনি মোৰ খন্তেকতে ডিঙিটো শুকাই গল ৷ অৱশ্যে বেছি সময় মই উৎকণ্ঠাত াকিব লগা নহ’ল ৷ ব্ৰজদাই উৎকণ্ঠাত উপশাম ঘটালে :
- “চিন্তা নকৰিবা ৷ তোমাক কোনেও ৰেগিঙ নকৰে ৷”
- ‘মোক ৰেগিং নকৰে সচাঁ ৷ কিন্তু কিয় ?’
- ‘কাৰণ তুমি মোৰ ৰুমমেট ৷’
আগলৈ. . . . . .
No comments:
Post a Comment