Wednesday, 4 January 2012

বিষ্ণুপ্ৰসাদ ৰাভাদেবৰ এমুঠি জনপ্ৰিয় গীত


মচজিদ মীনাৰ ভেদি


মচজিদ মীনাৰ ভেদি


বয় ভকতিৰ নদী


পুৱা উষা ফজৰ আজান|


হিয়া মচজিদ ভৰি


প্ৰাণ জীউক সুঁৱৰি


তুলি সৰুকণ সুধাগান;


“হায়! মমতাজ-জান


হায়! মমতাজ-জান”


কান্দে বাদচাহ চাহজাহান


সেই কৰুণ বিননি শুনি


তোলে কঁপনি ধূলিৰ ধৰণী


হা-হুমুনিয়াহৰ অগনি


উগাৰি জাগে শিল-পাষাণ|


সাৱটি লয় চাহজাহান|


আকোঁৱালী লৈ সেই পাষাণ


কান্দি কোমল প্ৰেমিক প্ৰাণ


গায়,-‘মমতাজ মোৰ পৰাণ


মমতাজ মোৰেই জান|’


শুনি প্ৰেমিকৰ গান


সুকবিয়ে দিয়া অশ্ৰুৰ দান


গলি যায় কঠিন পাষাণ


পমি জাগে শিল পাষাণ


স্মৃতি ভৰা তাজমহল নিচান


অশ্ৰু সৰে কবিৰ মহান


প্ৰেমৰ উজ্জ্বল চাহজাহান জান||


———————————–  


বিলতে হালিছে ধুনীয়া পদুমী


বিলতে হালিছে ধুনীয়া পদুমী


ফুলনিত ফুলিছে ফুল|


সেই ফুলে ফুলে পখিলা উৰিছে


সানিছে ৰেণুৰে বোল|


গছৰে ডালতে গাইছে কুলিয়ে


কু-উ, কু-উ, কৈ|


দূৰ দূৰণিতে জুৰিটি নাচিছে


ঝিৰ ঝিৰ ঝিৰ কৈ


নিজান বননিতে কেতেকী চৰায়ে


সুহুৰি মাৰিছে ৰৈ||


———————————-


অ’ পূজাৰী আদৰি


অ’ পূজাৰী আদৰি


দিলো এই বৰণ শৰাই


পূজাৰী, দিলো এই বৰণ শৰাই|


বিয়পি ধৰণী


শুনো ৰিণি ৰিণি


জগতৰ নানা বিলাই


হৰি নাম ভকতি


হৰি নাম ৰকতি


হৰি নাম মুকুতি পাই


বশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ


সুন্দৰ শংকৰ কিয় নাই,


ভকতি ফুলেৰে


মালা আদৰেৰে


দিলো যতনে পিন্ধাই|


শংখ কাঁহ মুৰুলি


জোকাৰি উৰুলি


তোমাৰে মহিমা গাই


নামঘৰত চোতালে নিতাল খোলে তালে


গোবিন্দৰ নাম গুণ গাই||


————————————


জয় সাগৰৰ বুকুৰ মাজতে


জয় সাগৰৰ বুকুৰ মাজতে


উঠে চকুলোৰে ঢল


মলয়াই তোলে হিয়া ভগা সুৰ


কৰুণ বিননি ৰোল


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


তেজৰ টোপাল চকুলো ওলাল


নয়নৰ পাহি ফালি,


কলিজাৰ চাকি জ্বলিলে দীপালী


বুকুৰ অগনি জ্বলি


পাৰতে সাজিলে স্মৃতিৰে দেউল


প্ৰেমৰ সুৰভি ঢালি,


স্বামীকো তাৰিলে দেশকো ৰাখিলে


নিজকেই দিলে বলি||


জয় দেউলৰ শিৰত বোলালে


সোণৰ গঢ়িমা বোল,


আজিও কুলিয়ে কলচিত বহি


তোলে বিননিৰ ৰোল


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


সেই সাগৰৰ তেজৰ টুপিৰে


বোলোৱা ৰাঙলী চুলি,


জ্বলোৱা দীপালী তাপিত


ভিখাৰী


হৃদয়ৰ শলিতা জ্বালি||


জাগা অসমৰ গাভৰু


ছোৱালী


জাগা অসমীয়া দল,


আজিও জয়া হিয়াতেই


আছে


নুতুলিবা তেনে ৰোল,


জয়া নাই জয়া নাই


অসমী আইৰ চেনেহৰ জী


সতী জয়মতী নাই||


————————


ব’ল ব’ল ব’ল ব’ল


ব’ল ব’ল ব’ল ব’ল


কৃষক শক্তি দল|


অ’ বনুৱা সমনীয়া


আগবাঢ়ি যাওঁ ব’ল


জাগ জাগ জাগ জাগ


মজদুৰ ন-জোৱান


নিৰ্যাতিত নিপীড়িত


কৃষক শক্তিমান|


তোৰ বাহুত আছে লুকাই


অসীম শক্তি ব’ল|


ৰণৰ শিঙা বাজে শুন ঐ


আগবাঢ়ি যাওঁ ব’ল|


কিহৰ নো ভয় আছে অভয়


বাণী দেৱতাৰ,


শতৰু সৌ চৌপাশে ৰয়


ধনী জমিদাৰ,


শোহে কলিজাৰ ৰঙা তেজ


প্ৰজা দুখীয়াৰ|


ধ্বংস কৰ ধ্বংস কৰ


ধনীৰ অহংকাৰ|


দয়া মায়া নকৰিবি


ক্ষমাৰ দিন যে গ’ল


হাল, কোৰ, দা, হাতুৰি লৈ


ৰণলৈ যাওঁ ব’ল|


তই খুৱাৱ বিশ্ববাসীক


মাটি ফালি ধান


তই যোগাৱ ধনী শ্ৰেণীক


অস্ত্ৰ শক্তিমান|


কাৰখানা-ক’ল তোৰেই সৃজন


পথাৰ সুবহল|


নাঙল, কাঁচি, হাতুৰী, দা’ৰ


যাদুকৰী ফল|


তোৰ বাহুত….. আগবাঢ়ি যা|


জগত গঢ়া শকতি যাৰ


সেই শকতিৰ দল


ৰঙা তেজৰ নিচানটি লৈ


আগবাঢ়ি যাওঁ ব’ল||


—————————


অ’ অসমীয়া ডেকা দল


অ’ অসমীয়া ডেকা দল


অ’ অসমীয়া ডেকা দল


আজি তোৰ তেজাল বদন


মলিন কিয় হ’ল?


দুৰ্গম নদ-পাহাৰ-গিৰি


লংঘিছিলি ডেকাগিৰি


সুন্দৰ শংকৰে লৰি


কৰিছিলি তল,


দেখুৱাইছিলি জগত জুৰি


অসীম বাহুৰ বল


সিও যে তোৰ


নাইকিয়া হ’ল!


কীৰ্ত্তন দশম নামঘোষা


হওক আমাৰ শৌৰ্য্য


নাট, গীত, নাম, বৰগীত-


হওক ৰণৰ তুৰ্য্য


আৰ্হি তেওৰ এই অসমৰ


হওক অসীম বীৰ্য্য


অসমীয়া! সমনীয়া!!


আগবাঢ়ি যাওঁ বল অ’||


আগবাঢ়ি যাওঁ বল||


—————————


বিশ্বৰে ছন্দে


বিশ্বৰে ছন্দে


ছন্দে মহানন্দে


আনন্দে নাচা


নাচা তমোহৰ দেউ


নাচা|


বন্দে


আজি সৱ


ভকত-বৃন্দে


তব চৰণ কমল


বন্দে|


জ্বলোৱা সাগ্নিক


তপো-হোম-বহ্নি


বিনাশক এন্ধাৰ


তব জয়ী অগ্নি


বিশ্বৰে দেউলত


জ্ঞানৰে বন্তি


উঠক নাচি


অজ্ঞান-এন্ধাৰ


বিনাশি


পুলকানন্দে|…..


নাচোনৰ তালে তালে পুষ্পিত বননি


ছেৱে ছেৱে হালে জালে বিকশিত


ফুলনি


আমোল-মোলে কৰে শুৱনি ধৰণী


পুষ্পিত সুবাসিত গন্ধে|


—————————-


সুৰৰে দেউলৰে


সুৰৰে দেউলৰে


ৰূপৰে শিকলি


ভাঙি দিলি খুলি


দুৱাৰ সোণোৱালী,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


জাউতি যুগীয়া


বৰগীত অমিয়া


বনগীত সুৰীয়া


গোৱা অসমীয়া


প্ৰাণ মন ভৰি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


তোৰে পৰশতে


প্ৰাণৰে হৰিষে


তিয়াগি সুপুতি


পায় ঐ মুকুতি


ৰাগৰে মূৰতি


উটি ভাহি ফুৰে উৰি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


থাপনা থাপিলি


প্ৰতিমা বহালি


পূজাও কৰিলি


সুৰৰে মূৰতি গঢ়ি,


পূজাৰী অ’


সুন্দৰ পূজাৰী|


শঙ্খ বজোৱা


বৰ-কাঁহ বজোৱা


আৰতি লগোৱা


বন্তি জ্বলোৱা


অতি উলাহেৰে


আদৰি


পূজাৰী অ’


সুন্দৰ পূজাৰী|


—————————


মোৰ কবিতাৰ ছন্দ লাগি


মোৰ কবিতাৰ ছন্দ লাগি


স্পন্দন তোৰ জাগেনে;


কথা মালিকাৰ গন্ধ লাগি


সোণৰ সপোন ভাগে নে?


নাচে তৰা ছন্দে ছন্দে


বিশ্ব ভৰা মহানন্দে


সেই উলাহত হৰষ লাগি


হিয়াত নাচোন উঠে নে?


ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ


বাজে মন বাঁহী মোৰ


সেই সুৰতেই শাঁত কৰি লই


পৰিবনে হিয়া জুৰ


ছেৱে ছেৱে ফুলে ফুল


গোন্ধত আমোল মোল


সেই ছেৱতে পুলক জগাই


এবাৰ হিয়াই নচে নে?


—————————


মোৰ জীৱনৰ আকাশতে


মোৰ জীৱনৰ আকাশতে


ইন্দ্ৰধনু গঢ়িম|


সাত ৰঙেৰে মীনা কৰাই


যতনেৰে তৰিম|


কিনকিনিয়া চকুৰ লোৰে


হুমুনিয়াহ ভাপ কণেৰে


প্ৰণয় সূৰুষ দেৱতাৰে


জিলিকনি সানিম|


মেদুৰ মেঘৰ মাদল কোবাই


গগন গগণা আলফুল বাই


বিজুলী নটীৰ নাচোনটি চাই


ডেওদি ডেওদি নাচিম|


—————————


পৰজনমৰ শুভ লগনত


পৰজনমৰ শুভ লগনত


যদিহে আমাৰ হয় দেখা


পূৰাবানে প্ৰিয়ে এই জনমৰ


মোৰ প্ৰিয়াৰ অপূৰ্ণ আশা?


এই জনমৰ কুসুম মালা


যতনে তুমি গাঁথি ৰাখিলা|


কাহানিও তুমি নিপিন্ধিলা


শূন্য মোৰ বুকু হ’ল যে উকা|


এই জীৱনৰ আঁউসী ৰাতি


চকুলো টুকি যায় যে কাটি


কাহানিও সুখৰ ৰূপহী জোনাই


হৃদয়ৰ জিলিকনি নিবিলায়|


এই জনমৰ গোপন কথা


গুপুতে ঢাকি দিয়ে যে ব্যথা


কাহানিও তুমি নেদেখিলা


শোকৰে ছবিটি হিয়াত অঁকা||


—————————


মেঘৰ বুকু ফালি আনিম


মেঘৰ বুকু ফালি আনিম


বিজুলী চাকি


খোপাতে গুজিবানে?


কুঁৱলি জাল কাটি আনিম


ৰূপোৱালী জোনাই


বিৰীত লগাবানে?


সাগৰ সিঁচি তুলি আনিম


বগা মাণিক মণি


বিলৰ পৰা ছিঙি আনিম


পদুমী শুৱনী;


সেই মাণিকৰ মালা গুঁথিম


সেই পদুমীৰ কেৰু গঢ়িম


কেৰু-মালা পিন্ধিবানে?


—————————


অ’ মোৰ নিচলা অসমী আইৰ দুখীয়া আদিম ভাই


অ’ মোৰ নিচলা অসমী আইৰ দুখীয়া আদিম ভাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


কপালৰ ঘাম ভৰিত পেলাই সাঁচিলোঁ যিটো ধন|


সবাকে শুহিলে ধনী চীনাজোকে ভাঙিলে তোমাৰ মন||


ভঁৰালৰ ধান এন্দুৰে কুটিলে আজি যে একোৱে নাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


এদিন তুমিয়ে গঢ়িছিলা এই ধুনীয়া অসম সোণৰ|


অসম তোমাৰেই আছিল অমিয়া সপোন মনৰ||


সেই অসমো যে আনে কাঢ়ি নিলে অসমী তোমাৰ নাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


নতুন আলোৰে উজলি উঠি বিলোৱা জ্যোতি নবীন|


পিছ পৰি আৰু নাথাকিবা হেৰা বজোৱা নতুন বীণ||


নতুন বাটেৰে যাবৈ লাগিব ব’লা যাওঁ আগুৱাই|


কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই||


—————————


লগন উকলি গ’ল


লগন উকলি গ’ল


তেও যে নহ’ল কোৱা,


মনৰ কথাটি মোৰ


হিয়াত গুপুতে থোৱা|


কিমান হেঙুলী ঊষা


কিমান জোনাকি নিশা


মিছাতেই গ’ল মোৰ


কিমান গধূলি পুৱা|


মলয়াই কাণে কাণে


মনৰ বাতৰি আনে


নিখিলৰ সুৰে সুৰে


হিয়ায়ো গান জোৰে|


শুনিছানে সেই সুৰ


পৰাণত তোলা মোৰ


হৃদয়ৰ গোৱা গান-


“ভালপোৱা ভালপোৱা”||


—————————


নাহৰ ফুলে নুশুৱায়


নাহৰ ফুলে নুশুৱায়


তগৰ ফুলে শুৱাব|


তগৰ ফুলে নুশুৱায়


কপৌ ফুলে শুৱাব|


কপৌ ফুলে নুশুৱায়


(যদি) ঘিলা খোপতে তোৰ,


হিয়া ফুল পাৰি দিম


(গুজি) খোপাতে মনোহৰ|


মহাসাগৰ সিঁচি আনিম


সাত-মাণিকৰ ধন


মেঘৰ বুকু ফালি ছিঙিম


বিজুলী ফুল শুৱন;


মাণিক ফুলে নুশুৱায়


(যদি) সাত-সৰীতে তোৰ


(হিয়া) ফালি উলিয়াই পিন্ধাম


তেজাল পোৱাল-মণি মোৰ||



No comments:

Post a Comment